ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্রীয়ে বানবিধ্বস্ত অসমক সহায় কৰাৰ বাবে আহ্বান জনায়।
ক’ৰোনাৰ লগতে অব্যাহত অসমত বানৰ তাণ্ডৱ। অসমৰ এই বিপদৰ সময়ত বন্যার্তক সহায় কৰাৰ ববে কইবাগৰাকী তাৰকাক ওলায় অহা দেখা গৈছে। এই বাৰ বানপিড়িত অসমক সহায়ৰ বাবে ভাৰতীয়ক আহ্বান জনালে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্রীয়ে৷ সোনকালে বানবিধ্বস্ত অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি উল্লেখ কৰে ভাৰতীয় ফুটবল দলটোৰ অধিনায়ক সুনীল ছেত্রীয়ে। তেখেতে শুকুৰবাৰে কয় যে পূর্বোত্তৰ ৰাজ্য অসমৰ বহুকেইখন জিলা এতিয়া পানীৰ তলত৷ এই বানত বৰ্তমানলৈকে বহুকেইজন লোকে প্রাণ হেৰুৱাৰ লগতে সহস্রাধিক লোক গৃহহীন হৈ পৰিছে৷ ২৬খন জিলাৰ প্রায় ৪০ লাখ লোক বানৰ কবলত পৰিছে।
ছ’ছিয়েল মিডিয়া টুইটাৰত তেওঁ জনাই যে বানবিধ্বস্ত অসমক বানৰ পৰা উদ্ধাৰ কৰাৰ বাবে আমাৰ সকলোৰে সহায়ৰ প্রয়োজন৷
অসমৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনৰো ৯০ শতাংশ জলমগ্ণ হৈ পৰিছে আৰু যাৰ ফলত জীৱ–জন্তুবোৰৰ আলৈ–আথানি নোহোৱা হৈছে বৰ্তমান সময়ত।
উল্লেখনীয় যে, অসমৰ বানাক্ৰান্তৰ প্রতি লক্ষ্য ৰখা সুনীল ছেত্রীয়েই হ’ল ক্রীড়া জগতখনৰ একমাত্র খেলুৱৈ। আনহাতে ইংলেণ্ডৰ জনপ্রিয় ফুটবল ক্লাব আর্ছেনালেও বানবিধ্বস্ত অসমৰ প্রতি সহানুভূতি দেখুৱাইছে৷ যোৱা ১৭ জুলাইত আর্ছেনালৰ ইনষ্টাগ্রামত ৫ ছেকেণ্ডৰ এটা ভিডি’অ আপলোড কৰা হৈছে, য’ত অসমীয়াতে লিখিছে– ‘আমি আছোঁ আপোনালোকৰ লগত৷’