ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্টৰ দেহত ক’ৰোনা…
এই বাৰ ফাৰ্মাচিষ্টৰ দেহতে ওলাল ক’ভিড-১৯। ৰহা পৰিপূৰক স্বাস্হ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট এজনৰ দেহত ধৰা পৰিল ক’ৰোনা পজিটিভ। আক্ৰান্ত ফাৰ্মাচিষ্ট গৰাকীৰ নাম হৈছে মন্দিৰা দাস।
জানিব পৰা মতে, স্বাস্থ্য বিভাগ কৰ্তীপক্ষই স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসা সেৱা বন্ধ কৰি দিয়াৰ লগতে কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি দিছে।
বৰ্তমান জনসধাৰানৰ সুবিধাৰ হকে ৰহা চিকিৎসালয়ৰখনৰ পৰিবৰ্তে ৰনথলী গ্ৰাম্য চিকিৎসালয়ত ৰোগীৰ চিকিৎসা ব্যৱস্থা কৰি দিয়া হৈছে।
[jnews_block_2 ]