গুৱাহাটীত পূজাৰীৰ দেহত ক’ৰোনা মহামাৰী…
দেশৰ লগত এ ৰাজ্যত অব্যাহত ক’ৰোন মহামাৰীৰ সংহাৰী ৰূপ। বৰ্তমান গুৱাহাটী মহানগৰীত গণ সংক্ৰমনৰ ৰূপ লৈ আতংক চলাইছে ক’ৰোনা মহামাৰী।
এই সময়তে মহানগৰীত এক ভয়ংকৰ ঘটনা পোহৰলৈ অহিছে। ক’ৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে মহানগৰীত ।
শেহতীয়াকৈ মহানগৰীৰ লাচিত নগৰৰ এগৰাকী পুজাৰীৰ দেহত ধৰা পৰিছে কোৰোনা। আক্ৰান্ত পূজাৰীজনৰ নাম ৰমেশ কায়স্থ। উলুবাৰীৰ লাচিত নগৰৰ এটা হনুমান মন্দিৰৰ পূজাৰী আছিল তেওঁ।
কিছুদিনৰ পূৰ্বে তেওঁৰ স্বাৱ সংগ্ৰহ কৰি হৈছিল। বুধবাৰে অহা ৰিজাল্ট মতে ব্যক্তি জনৰ দেহত ক’ৰোনা ভাইৰাচৰ উপস্থিতি ধৰা পৰে।