অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুঁজৰ পদক্ষেপ’, ৰাইজৰ সহায় বিচাৰি কৃষক মুক্তি…
KMSSৰ সংবাদমেল অনুষ্ঠিত গান্ধীবস্তিত। ভাস্ক’ ডি শইকীয়া আৰু মুকুট ডেকাই সম্বোধন কৰে এই সংবাদমেলৰ । এই সংবাদমেলৰ উদ্দেশ্য অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুঁজৰ পদক্ষেপ হাতত লোৱা। KMSS য়ে এই সংবাদ মেলত সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু NIAই গগৈৰ মুক্তিৰ সকলো পথ বন্ধৰ কূট কৌশল ৰচিছে বুলি মন্তব্য প্ৰকাশ কৰে। এই আইনী যুঁজৰ বাবে আৰ্থিক সহায়ৰ অধিক প্রয়োজন। KMSSয়ে অসমবাসীক আৰ্থিক সহায়ৰ বাবে আহ্বান জনাই। KMSSয়ে কয় যে, ‘অখিল গগৈয়ে অসমীয়া জাতিৰ ৰক্ষাৰ বাবে আন্দোলনত নামিছিল। এটাও শিলগুটি নমৰাকৈয়ে অখিল গগৈক কৰাবন্দী কৰি ৰখা হৈছে’। গতিকে কৃষক নেতা গৰাকীক মুক্ত কৰাৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্যৰ বাবে খোলা হৈছে এটা বেংক একাউণ্ট। SBIৰ গণেশগুৰি শাখাত এই একাউণ্ট খোলা হৈছে। এই একাউণ্টৰ নম্বৰটো হৈছে-3957004005, IFSC CODE-SBIM004134 । উক্ত একাউন্তত ৰাইজে দিয়া ধনৰ খৰচৰ সবিশেষ ৰাজহুৱা কৰা হ’ব বুলি জানিব দিয়ে KMSSয়ে।
[jnews_block_2 ]