৩৪বছৰ পাছত আৰম্ভ হ’ল দেশত নতুন শিক্ষানীতিৰ…..
প্ৰায় ৩৪বছৰৰ মুৰত দেশত প্ৰযোজ্য কৰা হল নতুন শিক্ষানীতি। বৃহস্পতিবাৰেই এই সন্দৰ্ভত কেন্দ্ৰই ইতিমধ্যে ঘোষণা কৰিছে। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃ্ত্বত অনুষ্ঠিত হোৱা বৈঠকত নতুন শিক্ষানীতিক মঞ্জুৰী প্ৰদান কৰা হয়। উল্লেখ্য যে, এই নতুন শিক্ষানীতিৰ কথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ বাজেটত ঘোষণা কৰিছিল।
এই শিক্ষা নিতী মৰ্মে, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰণালয় ৰূপে পৰিচিত কৰা হ’ব। দেশত গঠন কৰা হ’ব ৰাষ্ট্ৰীয় শিক্ষা আয়োগ। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত স্বতন্ত্ৰ কমিটী গঠিত হ’ব। এই স্বতন্ত্ৰ কমিটীয়ে সামগ্ৰিক বিকাশৰ বাবে কাম কৰিব। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান গঠন কৰা হ’ব। মেধাৱী শিক্ষাৰ্থী সকলক গৱেষণাৰ ধন আৱণ্টন কৰিব চৰকাৰে। বিভিন্ন ক্ষেত্ৰতে নতুন গৱেষণাৰ পৰিৱেশ গঢ়ি তোলা হব। ৰাজ্যিক বিদ্যালয় সমূহৰ নিয়ন্ত্ৰক প্ৰাধিকৰণ গঠন কৰা হ’ব। এই প্ৰাধিকৰণে প্ৰতিখন ৰাজ্যৰ শৈক্ষিক দিশ চোৱা-চিতা কৰিব। শাৰীৰিক শিক্ষাত বিদ্যালয় পৰ্যায়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অংশ লব লাগিব। ক্ৰীড়া, যোগ, সমৰ কলা, নৃত্য, বাগিচা প্ৰস্তুত ইত্যাদি কামত অংশীদাৰ হ’ব লাগিব শিক্ষাৰ্থী সকল। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সম বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ’ৱ এই শিক্ষা নীতিত। কলা আৰু বিজ্ঞান বিষয়ক পৃথকীকৰণ নকৰাকৈ পাঠদান ছলাই নিয়াৰ প্ৰয়াস এই শিক্ষানিতীত। সহজভাৱে শিক্ষাদান কৰাৰ লগতে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণত গুৰুত্ব প্ৰদান কৰা হ’ব। শিক্ষাৰ্থিৰ মাতৃভাষাৰ জৰিয়তে পাঠদান প্ৰদান কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব নতুন শিক্ষা নীতিত। ২-৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক নতুন নতুন ভাষা শিক্ষণৰ ব্যৱস্থা কৰা হ’ব। প্ৰাথমিক অৱস্থাত ৩টা ভাষাত পাঠদানৰ প্ৰস্তাব দিয়া হৈছে এই শিক্ষা নীতিত। NCF ২০০৫ ৰ নীতি অব্যাহত ৰাখি স্থানীয় ভাষাত শিক্ষাদানত গুৰুত্ব। প্ৰাচীন আৰু বিলুপ্তপ্ৰায় ভাষাৰ সংৰক্ষণৰ বাবে এই ভাষাৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মাজত চৰ্চা অব্যাহত ৰখা হ’ব। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ঐচ্ছিক বিষয় ৰূপে ৰখা হব ভাৰতৰ প্ৰাচীন ভাষা। ২০২৫ৰ ভিতৰত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিক্ষাক সাৰ্বজনীন কৰাৰ লক্ষ্য। ৩-৬ বছৰৰ বয়সৰ শিশুক মৌলিক শিক্ষা প্ৰদানৰ জৰিয়তে ১০০% সাক্ষৰ। ২০৩০ লৈ ৩ ৰ পৰা ১৮ বছৰ বয়সলৈ সকলো শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক। দ্বাদশ শ্ৰেণীলৈকে ৫+৩+৩+৪ পদ্ধতিত হ’ব দেশৰ শিক্ষাদান পদ্ধতি। প্ৰাথমিক পৰ্যায়ত বৰ্তমানৰ দৰে ৫টা শ্ৰেণী থাকিব। প্ৰাক প্ৰাথমিকত দুটা শ্ৰেণী, প্ৰাথমিকত ৩টা শ্ৰেণী থাকিব। উচ্চ প্ৰাথমিকত ৩টা শ্ৰেণী থাকিব। উচ্চ আৰু উচ্চতৰ মাধ্যমিক (হাই স্কুল)ত ৪টা শ্ৰেণী থাকিব। কলেজীয়া পাঠ্যক্ৰম হ’ব ৩ আৰু ৪ বছৰীয়া। গৱেষণাযুক্ত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰৱৰ্তন। প্ৰতিখন জিলাত একোখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান থাকিব। সকলো বিদ্যালয়ত কাৰিকৰী শিক্ষাৰ পাঠদান দিয়া হ’ব। কলেজতো নিয়মীয়া শ্ৰেণীৰ সৈতে বৃত্তিমুখী শিক্ষা প্ৰদান কৰা হ’ব। দেশত বিদেশী বিশ্ববিদ্যালয়ৰ শাখা স্থাপনত অনুমতি প্ৰাদন কৰা হ’ব। বিদেশী ছাত্ৰৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানত সুকীয়া কাৰ্যালয় থাকিব। ভাৰতৰ বিশ্ববিদ্যালয়ক বিদেশত শাখা স্থাপনত উদগণি। তথ্য সংৰক্ষণৰ বাবে একাডেমিক বেংক অব ক্ৰেডিটছ স্থাপন। IITৰ দৰে প্ৰতিষ্ঠানত কলা শাখাৰো পাঠদান কৰা হ’ব। মানসিক হেঁচা কম কৰাৰ ববে পাঠ্যক্ৰমৰ কিছু পৰ্যয়ত কম কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে।