ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিলে এনচিবিয়ে…
মঙলবাৰে নাৰ্ক’টিকছ কন্ট্ৰল ব্যুয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতা সুশান্ত চিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক। অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু ড্ৰাগছ সৰ্বহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰিয়া চক্ৰৱৰ্তীক। উল্লেখ্য যে, এনচিবিয়ে তিনি দিন ধৰি সোধ-পোছ কৰাৰ পাছত গ্ৰেপ্তাৰ ক ৰিছে ৰিয়া চক্ৰৱৰ্তীক।
এই সন্দৰ্ভত এনচিবিয়ে কোৱা মতে- ৰিয়া চক্ৰৱৰ্তীয়ে সেৱন কৰিছিল ড্ৰাগছ। ৰিয়াই তেওঁৰ ভাতৃ শ্বোৱিক আৰু সুশান্তৰ সৈতে একেলগে মাজে-সময়ে ড্ৰাগছ লৈছিল। ৰিয়াই শ্বোৱিকৰ দ্বাৰা ড্ৰাগছ আনি পঠিয়াইছিল লকডাউনৰ সময়ত। এই কথা নিজে মানি লৈছে ৰিয়া চক্ৰৱৰ্তীয়ে। ইয়াৰ ওপৰত এ ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছে ৰিয়া চক্ৰৱৰ্তীক।
[jnews_block_2 ]