অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন প্ৰধানমন্ত্ৰীৰ, ল’লে কেইবাটাও অসমৰ খবৰ…
ৰাজ্যত অব্যাহত ক’ৰোনাৰ লগতে বানৰ সন্ত্ৰাস। অসমৰ এই ভয়ংকৰ বিপদৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ফোনযোগে অসমৰ পৰিস্থিতিৰ খবৰ লয়। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দেওবাৰে পুৱাৰ ভাগত ফোন কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমক জনাই যে, অসমত ক’ৰোনা মহামাৰীৰ বৰ্তমান কেনেধৰনৰ আতংক বিৰাজ কৰিছে এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও অসমৰ বানপানীৰ ফলত বিভিন্ন প্ৰান্তত জটিল ৰূপ ধাৰণ কৰা গৰাখহনীয়াৰ সন্দৰ্ভতো আলোচনা কৰে মন্ত্ৰী দুগৰাকীয়ে। লগতে বাঘজানত অব্যাহত অগ্নিকাণ্ডৰ শেহতীয়া পৰিস্থিতিৰো বুজ লয় প্ৰধানমন্ত্ৰী মোডীয়ে।
উল্লেখ্য যে, অসমৰ এই বেয়া সময়ত কেন্দ্ৰীয় চৰকাৰৰপৰা সকলোধৰণৰ সহায়–সহযোগিতা অসমক আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।