Connect with us

Assamese News

উৰণৰ ১মিনিটৰ পাছতে বিকল হ’ল চীনা ৰকেট…

Published

on

উৰণৰ ১মিনিটৰ পাছতে বিকল হ’ল চীনা ৰকেট

উৰণৰ ১মিনিটৰ পাছতে বিকল হ’ল চীনা ৰকেট…

ভাৰতৰ সৈতে বৰ্তমান সম্পৰ্ক বেয়া চীনৰ। ইয়াৰ পিছত কেৱল যেন লোকচানৰ মুখ দেখিব লগা হৈছে ৰঙা চীনে। শেহতীয়াকৈ সীমাৰ পৰা আতৰি যোৱাৰ পাছত চীন সন্মুখীন হ’ল আন এক লোকচানৰ।

চীনে মহাকাশলৈ প্ৰেৰণ কৰাৰ কথা আছিল দুটা উপগ্ৰহৰ সৈতে এখন কৰ্মাচিয়েল ৰকেট। যোৱা বৃহস্পতিবাৰে এই কাৰ্য সম্পাদন কৰা হৈছিল। কিন্তু ৰ্দুভাগ্য বশত: ৰকেটখন মহাকাশলৈ উৰা মৰাৰ এক মিনিটৰ পাছতে বিকল হৈ পৰে আৰু যাৰ ফলত চীনৰ দুটাকৈ উপগ্ৰহ নষ্ট হয়। এই দুৰ্ঘটনাত চীনৰ কেইবাশ কোটি লোকচানৰ অনুমান কৰা হৈছে।

উল্লেখ্য যে, চীনৰ তিনিখনকৈ ৰকেট উৰণৰ পাছতে বিকল হৈছে চলিত বৰ্ষত। মাৰ্চ ৭এ ইয়াৰে প্ৰথমখন ৰকেট আছিল। মাৰ্চ মাহত এই ৰকেটখন উৰণৰ পূৰ্বে বিকল হোৱাৰ পাছতে এপ্ৰিলত পুনৰ ৩বি এপ্ৰিল নামৰ ৰকেটখনকো মহাকাশলৈ উৰাব চেষ্টা কৰি বিফল হ’ল চীন।

শেহতীয়াকৈ Kuaizhou-11 নামৰ ৰকেটখন উৰণৰ ১ মিনিটৰ পূৰ্বে বিকল হোৱা বুলি জানিব পোৱা গৈছে। দুটা উপগ্ৰহ ও ইয়াৰ সৈতে সংলগ্ন কৰা হৈছিল। উত্তৰ পশ্চিম চীনৰ জিওকুৱা চেটেলাইট চেন্টাৰৰ পৰা এই ৰকেটখন উৰণৰ বাবে সাজু কৰা হৈছিল।

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending