কণ্টেইনমেণ্ট জ’ন ঘোষণা কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়…
ৰাজ্যত অব্যাহত ক’ৰোনাৰ তাণ্ডৱ। কোকৰাঝাৰ জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনত কৰ্মৰত আৰক্ষী জোৱান আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ললিত সৰকাৰ আক্ৰান্ত হৈছিল কভিড ১৯ত। কভিডৰ ৰিপৰ্ট পজিটিভ হোৱাত আজি জিলা উপায়ুক্ত ভাস্কৰ ফুকনে লৈ এক সিদ্ধান্ত। এই সিদ্ধান্ত মৰ্মে ভাস্কৰ ফুকনে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আগন্তুক তিনিদিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।
আজিৰে পৰা আগন্তুক তিনিদিনৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সকলো কাম কাজ আৱৰ্ত ভৱনৰ পৰা পৰিচালিত হব বুলি সদৰি কৰিছে উপায়ুক্ত ভাস্কৰ ফুকনে।
উল্লেখ্য যে, কোকৰাঝাৰ জিলাত দ্ৰুতগতিত ক’ৰোনাৰ গণসংক্ৰমন আৰম্ভ হৈছে। আজিৰ দিনটোতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা ৪৬ গৰাকী ব্যাক্তি নতুনকৈ কভিড১৯ পজিটিভত আক্ৰান্ত। ইয়াৰ ফলত জিলাখনত কভিড১৯ পজিটিভত আক্ৰান্ত ৰোগীৰ সংখ্যাই তিনি শতাধিক অতিক্ৰম কৰিলে ।