৩৩ বছৰে কৃষকে নাপালে পানী । কিন্তু কৰ্মচাৰীয়ে লাভ কৰি আহিছে দৰমহা ।
এটি আজৱ জলসিঞ্চন আঁচনি । ৩৩ বছৰ ধৰি কৰ্মচাৰী সকলে লাভ কৰি আহিছে দৰমহা । কিন্তু কৃষক সকলে খেতি কৰিবলৈ আজিলৈকে জলসিঞ্চন বিভাগৰ পৰা নাপালে পানী । এই আজৱ জলসিঞ্চন বিভাগৰ আচঁনিটো আছে ধিঙৰ আঠ গাঁৱত । ১৯৮৭ চনত স্থাপন কৰা হৈছিল এই জলসিঞ্চন আচঁনিটো । নিযুক্তিও দিয়া হৈছিল দহ জনকৈ অধিক বিষয়া কৰ্মচাৰীক । ইতিমধ্যে আচঁনিটোত নিয়োজিত কেইবাগৰাকী কৰ্মচাৰীয়ে অৱসৰো গ্ৰহণ কৰিলে । অতি পৰিতাপৰ বিষয় যে জলসিঞ্চন বিভাগে স্থানীয় কৃষক সকলক জলসিঞ্চনৰ সুবিধা দিবলৈ সক্ষম নহ’ল । ধিঙৰ এই জলসিঞ্চন আচঁনিটোত বৰ্তমানেও নিয়োজিত হৈ আছে চাৰিজনকৈ বিষয়া কৰ্মচাৰী । দৰমহাও লাভ কৰি আহিছে সময়মতে । বঞ্চিত কেৱল কৃষক সকল । ১৯৮৭ চনৰ পৰা ২০১৩ চনলৈকে এটি টিঙৰ চালি ঘৰতে চলাই আহিছিল কাম কাজ । ২০১৪ চনত প্ৰায় ৪৯ লাখ টকা ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰা হৈছিল ধিঙৰ আঠগাঁৱৰ এই আচঁনিটো । কিন্তু স্থাপন কৰা হল যদিও কৃষকক পানী যোগান ধৰিবলৈ সক্ষম নহল বিয়াগোম জলসিঞ্চন বিভাগে । এক মাত্ৰ জলসিঞ্চন বিভাগৰ সদিচ্ছাৰ নথকাৰ বাবেই ধিঙৰ কৃষকক সকলে নিজাববীয়াকৈ পোৱাৰ পাম্পৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰিবলগীয়া হৈছে । সেয়ে কৃষক সকলে ধিঙৰ জলসিঞ্চন আচঁনিটো কাৰ্যক্ষম কৰি পানী যোগানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক ।
ধিঙৰ পৰা ছাইদুল ইছলাম TIMES GUWAHATI
#timesguwahati #news #assam
source