কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যৰ অবনতি
পুনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ভৰ্তি কৰা হৈছে এইমছত। শনিবাৰে নিশা গুৰুতৰভাৱে অসুস্থ মন্ত্ৰী গৰাকীক ভৰ্তি কৰা হয় হাস্পতালত। শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰা হৈছিল মন্ত্ৰী গৰাকীক। এতিয়ালৈকে অমিত শ্বাহৰ স্বাস্থ্যৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই এইমছ কৰ্তৃপক্ষই।
উল্লেখ্য যে, ২ আগষ্টত গৃহ মন্ত্ৰীগৰাকীৰ দেহত ধৰা পৰিছিল কোভিড-১৯। ক’ৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল অমিত শ্বাহ। এক সূত্ৰ অনুসৰি বৃক্ক ৰোগ, মধুমেহকে ধৰি আন কিছু জটিল ৰোগত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
[jnews_block_2 ]