দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰাক লৈ আত্মনিৰ্ভৰশীল হ’ব ভাৰত…
দেওবাৰে ১০বজাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেখেতৰ টুইটাৰ একাউন্ত যোগে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, এতিয়াৰে পৰা দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল নিতি অৱলম্বন কৰা হব ভাৰতত। এতিয়াৰে পৰা দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ ১০১ এবিধ সা-সজুলি, অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰিব ভাৰতে নিজে।
প্ৰতিৰক্ষা ক্ষেত্ৰতো স্বদেশী সা-সজুলি ব্যৱহাৰৰ কথা ঘোষণা কৰি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে আৰ্থিক পেকেজৰ সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিগত ৪বছৰৰ ভিতৰত ভাৰত প্ৰতিৰক্ষা দিশত সম্পূৰ্ণ ৰূপে আত্মনিৰ্ভৰশীল হৈ উঠিব বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। ৪লাখ কোটি টকা ধাৰ্য কৰা হৈছে এই কামৰ বাবে।