ক’ৰোনাৰ উৎপত্তি চীনত, এই কথা প্ৰকাশ কৰিলে চীনৰ বৈজ্ঞানিকে…
বিশ্ব জুৰি অব্যাহত আছে ক’ৰোনাৰ সন্ত্ৰাস। এই মাৰত্মক ভাইৰাছ চীনৰ পৰা উৎপত্তি হোৱা বুলি বহু কেইখন দেশে আশাংকা কৰিছে। এইবাৰ চীনৰ এগৰাকী মহিলা বৈজ্ঞানি এগৰাকীয়ে ‘চীনৰ লেবত ক’ৰোনা ভাইৰাছ প্ৰথম পৰ্যায়ত পৰীক্ষণ কৰা হৈছিল’ বুলি নিজেই স্বীকাৰ কৰিছে। চীনা বৈজ্ঞানিক ডাঃ লী মেঙ্গে শেহতীয়াকৈ আমেৰিকাৰ এটা টক শ্ব’ত স্পষ্টকৈ উল্লেখ কৰিছে এই কথা।
বৈজ্ঞানিকগৰাকীয়ে কোৱা মতে, ২০১৯চনৰ ডিচেম্বৰ আৰু ২০২০ৰ জানুৱাৰী মাহৰ মাজভাগত ৱুহানৰ এটা চৰকাৰী লেবত প্ৰথমে ক’ৰোনা ভাইৰাছ পৰীক্ষণ কৰা হৈছিল। এই ভাইৰাছ বিধ দ্ৰুতগতিত মানুহৰ দেহলৈ সংক্ৰমিত হোৱা বুলি তেওঁ জানিব পাৰিছিল। ইয়াৰ পিছত ততালিকে বৈজ্ঞানিকগৰাকীয়ে চীনৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ সৈতে আলোচনা কৰি এই বিষয়ৰ সন্দৰ্ভত চীনা ভাষাতে এটা ভিডিঅও প্ৰস্তুত কৰিছিল। ইয়াৰ পিছতে, চীনা প্ৰশাসনে এই বিষয়ত বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে গাপ দিয়াৰহে চেষ্টা চলাইছিল। আৰু এই ভিডিয় ততালিকে নহোৱা কৰি পেলোৱা হৈছিল। তাৰ পাছতে এই ভাইৰাছ লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰে। বৈজ্ঞানিকগৰাকীয়ে কয় যে, মোক সকলো কথা ৰাজহুৱা নকৰিবলৈ চৰকাৰৰ পৰা প্ৰাণৰ ভাবুকি প্ৰদান কৰা হৈছিল।
চীনা বৈজ্ঞানিকগৰাকীয়ে লগতে টক শ্ব’টোত সেই সময়ত প্ৰকাশিত বহুকেইটা খবৰো প্ৰমাণ হিচাপে দাখিল কৰে।
[jnews_block_2 ]