এতিয়া ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আক্ৰান্ত কোভিড-১৯ত …

এতিয়া ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আক্ৰান্ত কোভিড-১৯ত …

বিশ্বত অব্যাহত ক’ৰোনাৰ সংহাৰ। আমেৰিকাৰ পিছতে ক’ৰোনাত সৰ্বাধিক ক্ষতিগ্ৰস্থ হোৱা দেশ হৈছে ব্ৰাজিল।  জানিব পৰা মতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ‘জেইৰ বলচনাৰ’ আক্ৰান্ত হৈছে ক’ৰোনাত। যোৱা মঙলবাৰে ক’ৰোনাৰ চতুৰ্থটো পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহে পজিটিভ।  

ব্ৰাজিলত ক’ৰোনাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কিছুদিন পূৰ্বে ক’ৰোনা ভাইৰাছ এক প্ৰকাৰৰ  “সামন্য জ্বৰ” বুলি আখ্যা দি বিশেষ চৰ্চালৈ আহিছিল বলচনাৰ। এগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ এনে মন্তব্যক লৈ যথেষ্ট বিৰ্তকৰ সূত্ৰপাত হৈছিল।

 উল্লেখ্য, যে বিগত দিনকেইটাত বহুলোকৰ সংস্পৰ্শলৈ আহিছিল ৰাষ্ট্ৰপতিগৰাকী। ব্ৰাজিল প্ৰশাসনে এতিয়া সেইসকলোবোৰ লোকৰ পৰিচয় গোটোৱাত ব্যস্ত । ক’ৰোনা টেষ্ট পজিটিভ অহাৰ পাছত বলচনাৰ’য়ে কয় যে, মই বৰ্তমান ঠিকে আছো। মোক ডাক্টৰে হস্পাতালত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বাবে এইকেইদিন ইয়াতে থাকিম।

 

ইফালে বলচনাৰ’ৰ ক’ৰোনা পজিটিভ বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে আন  এটা কথাক লৈ বিশেষ চৰ্চা হৈছে।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *