Assamese News
বান্দৰদেৱাত চেক গেটত ট্ৰাকৰ চালকৰ দেহত ধৰা পৰিল ক’ভিড-১৯ …

বান্দৰদেৱাত চেক গেটত ট্ৰাকৰ চালকৰ দেহত ধৰা পৰিল ক’ভিড-১৯ …
শুকুৰবাৰে বিয়লি এজন ট্ৰাকৰ চালকৰ দেহত পোৱা গৈছে ক’ৰোনাৰ অবষ্ঠিতি। অসমৰ পৰা বান্দৰদেৱা হৈ অৰুণাচল অভিমুখী গৈছিল ট্ৰাকখন। ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক বান্দৰদেৱাস্থ ইনাৰ লাইন চেক গেটত কৰা ক’ভিড টেষ্টত চালকজনৰ ৰিপৰ্ট পজিটিভ ওলায়।
ইয়াৰ পিছত ৰোগী জনক লৈ অসম আৰু অৰুণাচল প্ৰশাসনৰ অৰিয়াঅৰি সৃষ্টি হ’য়। ফলত বিয়লিৰ পৰা নিশা বহুপৰলৈকে অসম অৰুণাচলৰ সীমাৰ মাজভাগত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক ৰাখি থোৱা হ’য়। নিশা পৰ্যন্ত চালক ৰোগী আৰু হেণ্ডিমেন জনৰ দায়িত্ব লোৱাক লৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ মাজত আলোচনা অব্যাহত আছিল।
অৱশেষত অৰুণাচলৰ ওচৰত হাৰ মানি লখিমপুৰ জিলা প্ৰশাসনেই চালক হেণ্ডিমেন দুজনৰ দায়িত্ব লবলৈ বাধ্য হল। বান্দৰদেৱাৰ মাজভাগত ৰোগী জনক লৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনে এনেদৰে হেতালি খেলা দেখা গৈছে।
লগতে আশংকাত ভোগা একাংশ লোকে নিশা সান্ধ্য আইন উলংঘা কৰি অৰুণাচল চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হোৱাৰ পিছত বিষয়টো নিষ্পত্তি হল।
You must be logged in to post a comment Login