গুৱাহাটী মহানগৰীত আনল’ক-১ ঘোষণা মুখ্য সচিবৰ…
সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব আনল’ক-১। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেল যোগে জনাই এই কথা। গুবাহাটীৰ লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে ।
লগতে এই সংবাদমেলত মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি কই মুখ্য সচিবগৰাকীয়ে। মহানগৰীত মাস্ক পৰিধান নকৰিলে ১০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ২ আগষ্ট, ২০২০ লৈকে ৰাজ্য চৰকাৰ এই নতুন নিয়ম প্ৰযোজ্য হ’ব।
জানিব দিয়া মতে, সোমবাৰৰ পৰা মহানগৰীত সকলো দোকান খুলিব পাৰিব। আনল’ক প্ৰথম পৰ্যায়ত সকলো ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান আৰু নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিব পাৰিব।
পথৰ একাষেহে খোলা থাকিব পাৰিব ব্যৱসায়ীক প্ৰতিষ্ঠান। জিলা উপায়ুক্তই এই ক্ষেত্ৰত ল’ব সিদ্ধান্ত।
আনহাতে ফাৰ্মাচীসমূহ পথৰ দুয়োকাষে খুলিব পাৰিব। ৰেষ্টুৰেন্ট সমূহে খাদ্য কেৱল হোম ডেলিভাৰীহে কৰিব পাৰিব। চেলুন, পাৰ্লাৰসমূহো সোমবাৰৰ পৰা খুলিব পাৰিব মহানগৰীত।
চেনিটাইজাৰ লগত ৰাখি অট’,কেব আদি আনল’ক-১ৰ সময়চোৱাত চলিব পাৰিব বুলি জানিব দিয়ে সচিবগৰাকীয়ে। চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় ৩০ শতাংশ কৰ্মচাৰীৰে চলিব এই সময়ছোৱাত।
কাঠমিস্ত্ৰী, ইলেকট্ৰিচিয়ান আদিয়ে কাম কৰিব পাৰিব ।
দুসপ্তাহলৈ মহানগৰীত চলাব নোৱাৰিব ব্যক্তিগত বাহন। সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে থাকিব সান্ধ্য আইন। প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে মহানগৰীত টোটেল লকডাউন চলি থাকিব। সকলোধৰণৰ জিম, ছুইমিং পুল, বাৰ, বজাৰ, পাণ দোকান আদি খোলা থাকিব সপ্তাহৰ এই দিন দুটাৰ বহিৰে আন দিন কেইটাত। মহানগৰীত বিক্ৰী কৰিব নোৱাৰিব কোনোধৰণৰ গুটখা। অহাবুধবাৰৰ পৰা আন্তঃজিলা পৰিবহণ বন্ধ থাকিব। সোম আৰু মঙ্গলবাৰে আন্তঃ জিলা পৰিবহণ কৰিব পাৰিব। তাৰ পিছত আগন্তুক নিৰ্দেশনা নহালৈকে আন্তঃ জিলা পৰিবহণ বন্ধ থাকিব। মাছ মাংস আদিৰ দোকান সমূহে হোম ডেলিভাৰী হে কৰিব পাৰিব।