উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ..
ক’ৰোনা সংকটৰ মাজতে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক অনলাইন আবেদনৰ আহ্বান জনাইছে কটন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে আবেদন কৰা ববে SEBA ই জাৰি কৰা website ‘aaneswan.sebaonline.org’ ত কৰিব লাগিব। এই প’র্টেলৰ মাধ্যমেৰে অনলাইন আবেদনৰ অন্তিম তাৰিখ হ’ব ১৫ জুলাই।
উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ শিক্ষার্থীসকলৰ সহায়ক হোৱাকৈ ছেবাই অনলাইন আবেদনৰ মাধ্যমেৰে নামভর্তি কৰাৰ বাবে এই প’র্টেলটো প্ৰস্তুত কৰিছে।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জিয়ক ড০ সঞ্জয় কুমাৰ দত্তই জনাইছে যে পৰিস্থিতি প্ৰতি লখ্য ৰাখি উচ্চতৰ মাধ্যমিকত নামভর্তিৰ বাবে বিশ্ববিদ্যালয়খনে নিজাকৈ আবেদন প’র্টেল খুলিব। CBSE বা অন্য ব’ৰ্ডৰ অধীনত শিক্ষাৰ্থীসকলৰ বাবে অচিৰেই এই ৱেবছাইটটো মুকলি কৰিব কটন বিশ্ববিদ্যালয়ে।
উল্লেখ্য যে, এইবাৰ ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি নামভর্তি প্রক্রিয়া সম্পূর্ণ অনলাইন কৰা হব।
লগতে নামভর্তিৰ বাবে, শিক্ষার্থীসকলে প্রথমে উচ্চ শিক্ষা সঞ্চালকালয়ৰ প’র্টেলত ইউনিক আইডি তৈয়াৰ কৰিব লাগিব।