Chandrayaan-1 : India’s first lunar mission!
১৯৫৮ চনৰ আমেৰিকা বায়ু সেনাৰ Pioneer- 0 ৰ পৰা আৰম্ভ কৰি ১৯৭৮ চনৰ ISEE- 3 মহাকাশ যানলৈকে অকল আমেৰিকা আৰু ৰাছিয়ায়ে প্ৰায় শতাধিক মহাকাশ যান চন্দ্ৰ অভিযানত পঠাইছিল। যিবোৰ আছিল Flyby, Orbiter, Impector, Sample Return, Crew Mission, Lander, Rover আদি জাতীয় অভিযান (এইবোৰ কেনে ধৰণৰ অভিযান মোৰ আগৰ লেখাত ইতিমধ্যে লিখিছোঁ।)। তাৰ বহু অভিযান সফল হৈছিল আৰু বহু বিফল। ১৯৭৮ চনৰ পৰা আচৰিত ধৰণে পৃথিৱীৰ কোনো দেশে চন্দ্ৰ অভিযানৰ বাবে মহাকাশ যান পঠোৱা নাছিল। তাৰ পাছত ১৯৯০ চনত জাপানৰ ISAS (Institute of Space and Astronautical Science) য়ে Hiten নামৰ Flyby আৰু Orbiter মিছনত এখন মহাকাশ যান সফলতাৰে চন্দ্ৰ অভিযানৰ বাবে প্ৰেৰণ কৰে। জানি আচৰিত হ’ব পৃথিৱীত বহুত দেশ আছে কিন্তু আজিলৈকে চন্দ্ৰ অভিযানৰ বাবে মাত্ৰ ৮ খন দেশেহে মহাকাশ যান প্ৰেৰণ কৰিছে। তাৰ ভিতৰত ভাৰতো এখন দেশ যিয়ে দুবাৰকৈ চন্দ্ৰ অভিযানৰ বাবে মহাকাশ যান প্ৰেৰণ কৰিছে। বাকী কেইখন দেশ হ’ল আমেৰিকা, ৰাছিয়া, জাপান, চীন, ফ্ৰান্স, ইজৰাইল আৰু Luxembourg নামৰ ইউৰোপৰ এখন দেশ।
চীনে সৌ সিদিনা ২৪ অক্টোবৰ ২০০৭ ত Chang’e-1 নামৰ প্ৰথম চন্দ্ৰ অভিযানৰ বাবে এখন মহাকাশ যান প্ৰেৰণ কৰে। তাৰ এবছৰ পাছতেই ২০০৮ চনৰ ২২ অক্টোবৰত ভাৰতে চন্দ্ৰযান- ১ প্ৰেৰণ কৰে। আজি আমি এই লেখাটোত চন্দ্ৰযান- ১ বিষয়ে আলোচনা কৰিম।
জোনবাই দেশলৈ ভাৰতৰ মহাকাশ যান প্ৰেৰণ কৰাৰ বাবে ভাৰতে প্ৰথম চিন্তা-চৰ্চা কৰিছিল ১৯৯৯ চনত Indian Academy of Sciences আৰু The Astronautical Society of India (ASI) ৰ মাজত হোৱা এখন সভাত। এই চিন্তা-চৰ্চাক কাৰ্যকৰী কৰিবলৈ ২০০৩ চনত ভাৰতৰ এটা ১০০ জনীয়া বৈজ্ঞানিকৰ দল গঠন কৰা হয়। আৰু ২০০৩ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দিল্লীত ভাৰতবাসীৰ আগত ঘোষণা কৰে ভাৰতে অতি সোনকালে চন্দ্ৰ অভিযানৰ বাবে চন্দ্ৰযান- ১ প্ৰেৰণ কৰিব। আৰু সেই বছৰৰ নৱেম্বৰ মাহত ভাৰত চৰকাৰে চন্দ্ৰযান- ১ বাবে অনুমতি প্ৰদান কৰে।
প্ৰায় কেইবাবছৰ কষ্টৰ অন্তত ভাৰতৰ ISRO (Indian Space Research Organisation) য়ে চন্দ্ৰযান- ১ চন্দ্ৰলৈ পঠাবলৈ সাজু কৰি তুলিলে। চন্দ্ৰযান- ১ বনাবলৈ ISRO ৰ খৰছ হ’ল ৩৮৬ কোটি টকা। যি বেলেগ দেশে অন্য চন্দ্ৰ অভিযানলৈ পঠোৱা মহাকাশ যান বনোৱা খৰছৰ তুলনাত বহুত কম আছিল। চন্দ্ৰযান- ১ আছিল ভাৰতৰ বিজ্ঞানীয়ে নিজৰ চিন্তা-চৰ্চাৰে বনোৱা মহাকাশ যান। চন্দ্ৰযান- ১ ক মহাকাশলৈ লৈ গৈছিল PSLV- XL C11 ৰকেটে। যি ৰকেট আছিল ভাৰতত নিৰ্মিত (PSLV কি এই বিষয়ে মই খণ্ড- ৪ লিখিছোঁ)। চন্দ্ৰযান- ১ ৰ মুখ্যতে দুটা অংশ আছিল এটা আছিল Orbiter যি চন্দ্ৰৰ চাৰিওফালে নিজৰ কক্ষপথত ঘূৰি চন্দ্ৰৰ গৱেষণা কৰিব, ফটো তুলিব আৰু এটা অংশ আছিল Impactor যাক কোৱা হয় MIP (Moon Impact Probe). ই চন্দ্ৰৰ পৃষ্ঠত গৈ নিজে খুন্দা মাৰি দিব আৰু চন্দ্ৰত পানী বা বৰফ আছে নেকি পৰীক্ষা কৰিব।
চন্দ্ৰযান- ১ চন্দ্ৰলৈ চন্দ্ৰক অধ্যয়ন কৰিবলৈ পঠোৱা হ’ব বুলি খাটাং হোৱাৰ পাছত চন্দ্ৰযান- ১ ত MIP অৰ্থাৎ Moon Impact Probe সংযোগ কৰাৰ ধাৰণাটো আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন ডঃ এ পি জে আব্দুল কালামৰ। তেওঁৰ চিন্তা-চৰ্চা আৰু পৰামৰ্শত MIP ক চন্দ্ৰযান- ১ ত সংযোগ কৰা হয়।
বহু উৎকণ্ঠা আৰু অপেক্ষাৰ অন্তত মহাকাশ ক্ষেত্ৰত বিশ্বৰ অন্য দেশৰ লগত সমানে ফেৰ মাৰিবলৈ ২০০৮ চনৰ ২২ অক্টোবৰত অন্ধপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ Satish Dhawan Space Centre ৰ পৰা PSLV ৰকেটৰ আগত চন্দ্ৰযান- ১ ক বহাই জোনবাই দেশলৈ বুলি চন্দ্ৰযান- ১ ক পঠাই দিলে। ৮ নৱেম্বৰত চন্দ্ৰযান- ১ পৃথিৱীৰ পৰা প্ৰায় ৩ লাখ ৮৪ হাজাৰ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি চন্দ্ৰৰ কক্ষপথত উপস্থিত হয়। চন্দ্ৰযান- ১ দুবছৰৰ বাবে সক্ৰিয় হৈ থকাৰ পৰিকল্পনাৰে পঠোৱা হৈছিল কিন্তু চন্দ্ৰযান- ১ দুবছৰ সক্ৰিয় হৈ নাথাকিল, মাত্ৰ ১০ মাহ ৬ দিন সক্ৰিয় হৈ থাকিল। কিন্তু ISRO য়ে বিজ্ঞানীয়ে জনোৱা মতে চন্দ্ৰযান- ১ য়ে এই ১০ মাহ ৬ দিনতে অভিযানৰ ৯৫% কাম কৰি দেখুৱালে সেইবাবে চন্দ্ৰযান- ১ ১০ মাহ সক্ৰিয় হৈ থকাৰ বাবে ISRO ৰ বিজ্ঞানীৰ মনত অলপো দুখ নাই।
Read More: চন্দ্ৰযান- ২ ৰ বিষয়ে সবিশেষ!
১৪ নৱেম্বৰ ২০০৮ দিনা MIP অৰ্থাৎ Moon Impact Probe অংশটো চন্দ্ৰযান- ১ ৰ চন্দ্ৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰত ঘূৰি থকা Orbiter ৰ পৰা এৰা খাই নিজ ইচ্ছাৰে গৈ Shackleton নামৰ চন্দ্ৰত থকা ডাঙৰ গাঁত এটাত খুন্দা মাৰি দিয়ে আৰু তেতিয়ায়ে MIP য়ে চন্দ্ৰত পানী থকাৰ সম্ভেদ পাই। জানি ভাল পাব ভাৰতে প্ৰথম দেশ যিয়ে চন্দ্ৰত পানী থকাৰ সম্ভেদ দিছে। MIP য়ে যি ঠাইত খুন্দা মাৰি পানী থকাৰ সম্ভেদ দিছিল সেই ঠাইডোখৰৰ নাম ৰখা হ’ল ‘জৱাহৰ পইণ্ট’।
চন্দ্ৰযান- ১ য়ে চন্দ্ৰৰ কক্ষপথত থাকি চন্দ্ৰৰ চাৰিওফালে প্ৰায় ৩০০০ বাৰ ঘূৰে আৰু প্ৰায় ৭০ হাজাৰ চন্দ্ৰ পৃষ্ঠৰ ফটো তোলে আৰু ভাৰতলৈ প্ৰেৰণ কৰে। এই ফটোবোৰ বাংগালোৰত থকা Indian Deep Space Network এন্টিনাৰ দ্বাৰা সংগ্ৰহ কৰি থকা হয়।
২৫ মাৰ্চ ২০০৯ দিনা চন্দ্ৰযান- ১ ৰ কেমেৰা পৃথিৱীৰ ফালে ঘূৰাই দিয়া হয় আৰু সম্পূৰ্ণ পৃথিৱীৰ এখন ফটো তোলা হয়। যি ফটোত এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক দেখা গৈছিল আৰু ভাৰত তাৰ কেন্দ্ৰত আছিল। (ফটো কমেন্ট বক্সত দিয়া হৈছে।) ইয়াৰ উপৰি চন্দ্ৰযান- ১ য়ে চন্দ্ৰ পৃষ্ঠত আন বহুতো বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰে আৰু তাৰ তথ্য ভাৰতলৈ পঠাই।
ইয়াৰ উপৰি ২০০৯ চনৰ জানুৱাৰী মাহত চন্দ্ৰযান- ১ য়ে ১৯৬৯-৭২ চনত ৬ বাৰকৈ আমেৰিকাৰ NASA য়ে চন্দ্ৰলৈ মহাকাশচাৰী পঠোৱা Apollo মিছনৰ গোটেই কেইটা ঠাইৰ ক্ষেত্ৰ অধ্যয়ন কৰে আৰু তাৰ প্ৰমাণ পাই।
চন্দ্ৰযান- ১ ত চন্দ্ৰক অধ্যয়ন কৰিবলৈ ৫ টা ভাৰতীয় যন্ত্ৰ সংযোগ কৰা হৈছিল আৰু সেইকেইটা হৈছে MIP অৰ্থাৎ Moon Impact Probe, TMC অৰ্থাৎ Terrain Mapping Camera, HySI অৰ্থাৎ Hyper Spectral Imager, LLRI অৰ্থাৎ Lunar Laser Ranging Instrument আৰু HEX অৰ্থাৎ High Energy aj/gamma x-ray spectrometer.
ইয়াৰ উপৰিও Moon Mineralogy Mapper, X-ray fluorescence spectrometer, Radiation Dose Monitor Experiment কে ধৰি ৬ টা বেলেগ দেশৰ যন্ত্ৰ সংযোগ কৰি পঠোৱা হৈছিল।
ইয়াৰ উপৰি চন্দ্ৰযান- ১ ত আছিল Solar Panel, Data transmission এন্টিনা, Star Sensor, Imaging Payload, X-ray Payload, ইন্ধনৰ বক্স আদি।
উৎক্ষেপনৰ কিছুদিন পাছতেই যেতিয়া চন্দ্ৰযান- ১ চন্দ্ৰৰ কক্ষপথত ঘূৰি আছিল তেতিয়া অৰ্থাৎ ২৫ নৱেম্বৰ ২০০৮ ত ISRO ৰ বিজ্ঞানী সকলে মন কৰিলে যে সূৰ্য্যৰ ৰশ্মি আৰু চন্দ্ৰৰ পৰা প্ৰতিফলিত ৰশ্মিৰ বাবে চন্দ্ৰৰ কক্ষপথত অত্যাধিক উষ্ণতা হোৱাৰ বাবে চন্দ্ৰযান- ১ ৰ উষ্ণতা প্ৰায় ৫০ ডিগ্ৰী বাঢ়ি গৈছে। ISRO ৰ বিজ্ঞানী সকল তেতিয়া অলপ চিন্তাত পৰিল আৰু উষ্ণতা কমাবলৈ চন্দ্ৰযান- ১ কিছুমান যন্ত্ৰ বন্ধ কৰি দিয়ে আৰু মহাকাশ যানখন ২০ ডিগ্ৰী ঘূৰাই দিয়ে। তেতিয়া চন্দ্ৰযান- ১ উষ্ণতা প্রায় ৩০ ডিগ্ৰী মান আকৌ কমি যায়। তাৰ পিছতো চন্দ্ৰযান- ১ ৰ উষ্ণতা বাঢ়ি থকাৰ বাবে বিজ্ঞানী সকলে জানুৱাৰী ২০০৯ চনলৈকে চন্দ্ৰযান- ১ ৰ মাত্ৰ এটা যন্ত্ৰহে কাৰ্যকৰী কৰি ৰাখে।
এনেকৈয়ে চন্দ্ৰযান- ১ অভিযানৰ প্রায় ৯৫% কাম সফলতাৰে সম্পন্ন কৰে আৰু ৩১২ দিনত মহাকাশত থকাৰ পাছত ২৮ আগষ্ট ২০০৯ চনত ISRO ৰ বৈজ্ঞানিকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ যায়। আৰু সেইদিনায়ে ISRO য়ে চন্দ্ৰযান- ১ ৰ অভিযান সফলতাৰে শেষ বুলি চৰকাৰী ভাৱে বিশ্বৰ আগত ঘোষণা কৰে।
২ জুলাই ২০১৬ ত NASA ৰ ৰাডাৰ চিষ্টেমে চন্দ্ৰযান- ১ তেতিয়াও চন্দ্ৰৰ কক্ষপথত ঘূৰি থকা বুলি ধৰা পেলাই।
এই চন্দ্ৰযান- ১ অভিযানৰ অধ্যক্ষ আছিল মাধৱন নায়াৰ, ISRO চেটেলাইট চেণ্টাৰৰ নিৰ্দেশক আছিল TK Alex, চন্দ্ৰযান- ১ ৰ প্ৰকল্প নিৰ্দেশক আছিল Mylswamy Annadurai.
ভাৰতৰ চন্দ্ৰযান- ১ ৰ সফল অভিযানৰ বাবে ২০০৯ চনত আমেৰিকাৰ American Institute of Aeronautics and Astronautics (AIAA) য়ে ISRO ক AIAA SPACE 2009 বঁটাৰে সন্মানিত কৰে, ইয়াৰ উপৰি ২০০৮ চনত International Lunar Exploration Working Group য়ে চন্দ্ৰযান- ১ মিছনৰ দলটোক International Co-operation বঁটাৰে সন্মানিত কৰে আৰু ২০০৯ তে National Space Society য়ে চন্দ্ৰযান- ১ মিছনৰ দলটোক আৰু ISRO ক বিজ্ঞান আৰু অভিযান্ত্ৰিক শিতানত Space Pioneer বঁটাৰে সন্মানিত কৰে।
চন্দ্ৰযান- ১ আছিল মহাকাশ ক্ষেত্ৰত ভাৰতে লাভ কৰা এক ডাঙৰ সফলতা। ইয়াৰ পাছতেই আৰু কিছু ব্যতিক্ৰমী চিন্তা ধাৰণাৰে ভাৰতে পৰিকল্পনা কৰিছিল চন্দ্ৰযান- ২ ক। চন্দ্ৰযান- ২ ৰ কথা আৰু চন্দ্ৰযানখন PSLV ৰকেটে কেনেকৈ মহাকাশলৈ লৈ গৈছিল, তাৰ পাছত মহাকাশ যানখন কেনেকৈ চন্দ্ৰৰ ফালে গুচি গৈছিল আগন্তুক খণ্ডত লিখিম।