Details about Chandrayaan- 2!
চন্দ্ৰযান- ২ ব্যৱহাৰ কৰা বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰ কি! চন্দ্ৰযান- ১ আৰু চন্দ্ৰযান- ২ ৰ লগত ওতঃপ্ৰোত ভাৱে অসমৰ কোনজন বিজ্ঞানী জড়িত হৈ আছিল!
সফলতায়ে মানুহক সদায় উৎসাহ দিয়ে। চন্দ্ৰযান- ১ বৃহৎ সফলতাৰ পাছত ভাৰতে চন্দ্ৰ অধ্যয়নত যেন আৰু আগ্ৰহী হৈ পৰিল। চন্দ্ৰক আৰু সবিশেষ ভাৱে অধ্যয়ন কৰিবলৈ এইবাৰ ভাৰতে পৰিকল্পনা কৰিলে অতি ব্যয়বহুল আৰু কিছু নতুন ধাৰণাৰে চন্দ্ৰযান- ২ ৰ।
চন্দ্ৰযান- ২ ৰ বাবে ২০০৭ চনৰ ১২ নৱেম্বৰত ভাৰতীয় মহাকাশ সন্থা ISRO আৰু ৰাছিয়াৰ মহাকাশ সন্থা ROSCOSMOS ৰ মাজত এখন চুক্তি হ’ল যে চন্দ্ৰযান- ২ ত দুয়োখন দেশে যুটীয়াভাৱে কাম কৰিব। এই চন্দ্ৰযান- ২ মহাকাশ যানখনৰ মূলতে তিনিটা অংশ আছিল। প্ৰথম Orbiter অংশ যি চন্দ্ৰৰ কক্ষপথত ঘূৰি থাকিব, Lander অংশ যি চন্দ্ৰৰ পৃষ্ঠত নামি যাব আৰু Rovar অংশ যি Lander ৰ পৰা গাড়ীৰ দৰে যান এখন ওলাই আহিব আৰু চন্দ্ৰ পৃষ্ঠক অধ্যয়ন কৰিব। এই Landar অংশৰ নাম দিয়া হৈছিল বিক্ৰম আৰু Rovar অংশক নাম দিয়া হৈছিল প্ৰজ্ঞান। ইয়াৰে Orbiter আৰু Rover অংশ বনোৱাৰ দায়িত্ব ললে ভাৰতে আৰু Lander অংশ বনোৱাৰ দায়িত্ব ললে ৰাছিয়াই। ২০০৮ চনৰ ১৮ ছেপ্টেম্বৰত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিং নেতৃত্বত ভাৰত চৰকাৰে এই চন্দ্ৰযান- ২ অভিযানক চৰকাৰী ভাবে অনুমতি প্ৰদান কৰে। লগে লগে ২০০৯ চনৰ আগষ্টত ভাৰত আৰু ৰাছিয়ায়ে মিলি চন্দ্ৰযান- ২ মহাকাশ যানখনৰ ডিজাইন প্ৰস্তুত কৰি উলিয়াই।
চন্দ্ৰযান- ২ ৰ উৎক্ষেপনৰ দিন বহু বাৰ বিভিন্ন কাৰণত পিছুৱাই লৈ যাব লগা হৈছিল। প্ৰথমে ২০১৩ চনৰ জানুৱাৰী মাহত ধাৰ্য কৰা হৈছিল। তাৰ পাছত এই সময় ২০১৬ লৈ পিছুৱাই দিয়া হ’ল। প্ৰথমে পৰায়ে ৰাছিয়াই Lander অংশটো সময় মতে নিৰ্মান কৰিব পৰা নাছিল। ২০১৫ চনলৈকে ৰাছিয়াই কেইবাটাও কাৰিকৰী কাৰণত চন্দ্ৰযান- ২ ৰ বাবে Lander অংশটো সাজু কৰিব নোৱাৰিলে।
তাৰ পাছত ভাৰতে সিদ্ধান্ত ললে যে চন্দ্ৰযান- ২ অভিযানৰ বাবে ভাৰতে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ নকৰে আৰু Lander অংশটোও নিজে বনাই লব।
তাৰ পাছত ভাৰতেও চন্দ্ৰযান- ২ উৎক্ষেপনৰ দিন ২০১৮ লৈ পিছুৱাই লৈ গ’ল। চন্দ্ৰযান- ২ মহাকাশ যানখনক মহাকাশত উৎক্ষেপন কৰাৰ আগত পৃথিৱীতে কেইবাবাৰো পৰীক্ষা কৰা হৈছিল। এই পৰীক্ষাবোৰত বাৰে বাৰে কিছু কিছু কাৰিকৰী বিজুটি ঘটি থকা বাবে এই অভিযান ২০১৮ ৰ পৰা ২০১৯ প্ৰথম ছমাহলৈ আকৌ পিছুৱাই নিয়ে।
প্ৰথমে ১৪ জুলাই ২০১৯ চনত উৎক্ষেপনৰ দিন ধাৰ্য কৰে কিন্তু সেইদিনাও কিছু সমস্যা দেখা দিয়াত আকৌ ২২ জুলাই ২০১৯ উৎক্ষেপনৰ চূড়ান্ত দিন হিচাপে বাছি লয়।
Read More: চন্দ্ৰযান-১ : ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান!
প্ৰায় ১০ বছৰ জোৰা অপেক্ষা আৰু উৎকণ্ঠাৰ অন্তত ২২ জুলাই ২০১৯ ত ভাৰতে নিৰ্মান কৰা শক্তিশালী ৰকেট GSLV Mark III M1 ৰ আগত চন্দ্ৰযান- ২ ক বহোৱাই ভাৰতৰ অন্ধপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ Satish Dhawan Space Centre ৰ Second Launch Pad পৰা ভাৰতৰ ISRO য়ে চন্দ্ৰযান- ২ ক জোনবাই দেশলৈ বুলি প্ৰেৰণ কৰে।
এই চন্দ্ৰযান- ২ নিৰ্মান কৰোঁতে ভাৰতৰ খৰছ হ’ল ৯৭৮ কোটি টকা। ইয়াৰ ৩৭৫ কোটি টকা অকল GSLV Mark III M1 ৰকেটতোৰ নিৰ্মান কাৰ্যতে খৰছ হ’ল য’ত নেকি চন্দ্ৰযান- ১ গোটেই মহাকাশ যানখন নিৰ্মাণ কৰোঁতে খৰছ হৈছিল মাত্ৰ ৩৮৬ কোটি টকা। আৰু বাকী ৬০০ কোটি টকা খৰচ হ’ল Orbiter, Lander, Rovar আদি মিলাই গোটেই চন্দ্ৰযান- ২ ক নিৰ্মান কৰোঁতে। Orbiter অংশটো নিৰ্মাণ কৰিছিল Hindustan Aeronautics Limited য়ে আৰু ২০১৫ চনৰ ২২ জুনতে ISRO ক গতাই দিছিল।
২০ আগষ্ট ২০১৯ ত চন্দ্ৰযান- ২ ৩ লাখ ৮৪ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি চন্দ্ৰৰ কক্ষপথত উপস্থিত হয়গৈ আৰু ৬ ছেপ্টেম্বৰ ২০১৯ ত চন্দ্ৰৰ দক্ষিণ মেৰুত বিক্ৰম লেণ্ডাৰক নমোৱাৰ বাবে প্ৰস্তুতি চলাই। উল্লেখযোগ্য যে আজিলৈকে চন্দ্ৰৰ পৃষ্ঠত ভাৰতৰ সহিতে পৃথিৱীৰ মাত্ৰ ৪ খন দেশৰ মহাকাশ যানেহে চন্দ্ৰ পৃষ্ঠ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আৰু সেইকেইখন হৈছে আমেৰিকা, ৰাছিয়া, চীন আৰু ভাৰত।
চন্দ্ৰযান- ২ ৰ Orbiter ক ৭.৫ বছৰ বাবে চন্দ্ৰৰ কক্ষপথত ঘূৰি থকাৰ পৰিকল্পনা কৰি পঠোৱা হৈছিল আৰু বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰক ১৪ দিন চন্দ্ৰৰ পৃষ্ঠত থাকি চন্দ্ৰক অধ্যয়ন কৰিবলৈ পঠোৱা হৈছিল। Orbiter ৰ ওজন আছিল ২৩৭৯ কেজি, বিক্ৰম লেণ্ডাৰৰ ওজন আছিল ১৪৭১ কেজি আৰু প্ৰজ্ঞান ৰভাৰৰ ওজন আছিল ২৭ কেজি। প্ৰজ্ঞান ৰভাৰ নামৰ ৰবটৰ গাড়ীখন চন্দ্ৰৰ পৃষ্ঠত চলিবলৈ স্পীড দিয়া হৈছিল ১ ছেন্টিমিটাৰ প্ৰতি চেকেণ্ড। মানে এই ৰবটৰ গাড়ীখন প্ৰতি চেকেণ্ডত মাত্ৰ ১ ছেন্টিমিটাৰহে আগুৱাই যাব পাৰিব।
বিক্ৰম লেণ্ডাৰৰ বিক্ৰম নামটো ৰখা হৈছিল ভাৰতৰ বিখ্যাত মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ নামত আৰু প্ৰজ্ঞান ৰভাৰৰ প্ৰজ্ঞান মানে হৈছে তীক্ষ্ণতা বা বুদ্ধি।
চন্দ্ৰযান- ২ মহাকাশ যানখনৰ Orbiter অংশটো চন্দ্ৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰত নিজৰ কক্ষপথত ঘূৰি থাকিব আৰু চন্দ্ৰ পৃষ্ঠৰ ৩০ কিলোমিটাৰ উচ্চতাৰ পৰা বিক্ৰম লেণ্ডাৰ Orbiter ৰ এৰা খাই চন্দ্ৰত অৱতৰণ কৰাৰ পৰিকল্পনাৰে চন্দ্ৰযান- ২ মহাকাশ যানখন পঠোৱা হৈছিল।
চন্দ্ৰযান- ২ ক চন্দ্ৰলৈ পঠোৱা মূল উদ্দেশ্য আছিল ভাৰতীয় মহাকাশ যানক অন্য গ্ৰহ বা উপগ্ৰহৰ পৃষ্ঠত সুকলমে অৱতৰণ কৰোৱা, চন্দ্ৰৰ ভৌগোলিক আৰু বায়ুমণ্ডলক অধ্যয়ন কৰা, চন্দ্ৰ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত পানী আৰু বৰফৰ অধ্যয়ন কৰা, চন্দ্ৰৰ মাটিক অধ্যয়ন কৰা আৰু এই সকলোবোৰ অধ্যয়নৰ আধাৰত চন্দ্ৰৰ এক ভৌগোলিক মানচিত্ৰ তৈয়াৰ কৰা।
চন্দ্ৰযান- ২ Orbiter ত ৮ যন্ত্ৰ সংযোগ কৰা হৈছিল আৰু তেনেকৈয়ে বিক্ৰম লেণ্ডাৰত ৪ টা আৰু প্ৰজ্ঞান ৰভাৰত ২ টা যন্ত্ৰ সংযোগ কৰা হৈছিল।
এই যন্ত্ৰবোৰ আছিল; Orbiter ত XSM অৰ্থাৎ Solar X-ray Monitor, Soft X-ray Spectrometer, IIRS অৰ্থাৎ Imaging IR Spectrometer, Terrain Mapping Camera-2, Orbiter High Resolution Camera আৰু L-band and S-band Synthetic Aperture Radar আদি।
বিক্ৰম লেণ্ডাৰত থকা যন্ত্ৰবোৰ আছিল ILSA অৰ্থাৎ Instrument for Lunar Seismic Activity, Chandra’s Surface Thermo-physical Experiment, LRA অৰ্থাৎ Laser Retroreflector Array, RAMBHA-LP Langmuir probe নামৰ এক যন্ত্ৰও লগোৱা হৈছিল যিয়ে চন্দ্ৰপৃষ্ঠৰ ঘনত্ব আৰু চন্দ্ৰপৃষ্ঠৰ প্লাজমাৰ পাৰ্থক্য অধ্যয়ন কৰিব।
তেনেকৈ প্ৰজ্ঞান ৰভাৰত লগোৱা আছিল LIBS অৰ্থাৎ Laser induced Breakdown Spectroscope আৰু APXS অৰ্থাৎ Alpha Particle Induced X-ray Spectroscope. এই দুয়োটা যন্ত্ৰ ভাৰতত নিৰ্মাণ কৰা হৈছিল। LIBS বাংগালোৰত আৰু APXS আহমেদাবাদত।
চন্দ্ৰযান- ২ নিৰ্মান হোৱা বুলি গম পাই আমেৰিকাৰ NASA আৰু ইউৰোপৰ ESA (European Space Agency) ও দুটামান যন্ত্ৰ চন্দ্ৰযান- ২ ত লগোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু চন্দ্ৰযান- ২ ৰ ওজন ইতিমধ্যে বহুত বেছি হোৱাত ISRO য়ে এই প্ৰস্তাৱ নাকচ কৰে। তথাপিও পাছত NASA আৰু ISRO ৰ মাজত হোৱা এক চুক্তি অনুসৰি চন্দ্ৰযান- ২ ৰ বিক্ৰম লেণ্ডাৰত NASA য়ে Laser Retroreflector নামৰ এক যন্ত্ৰ লগাই যি যন্ত্ৰয়ে Orbiter আৰু চন্দ্ৰ পৃষ্ঠ মাজৰ দূৰত্ব জুখিব।
৬ অক্টোবৰ ২০১৯ ৰ দিনা যেতিয়া বিক্ৰম লেণ্ডাৰ চন্দ্ৰযান- ২ ৰ Orbiter ৰ পৰা এৰা খাই চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিবলৈ নামি আহি থাকে তেতিয়ায়ে কিছু কাৰিকৰী বিজুটি ঘটে আৰু ISRO লগত বিক্ৰম লেণ্ডাৰৰ সম্পৰ্ক হেৰাই যায়। তাৰ পাছত ISRO বৈজ্ঞানিকে ধাৰণা কৰিলে যে বিক্ৰম লেণ্ডাৰ চন্দ্ৰ পৃষ্ঠত সুকলমে অৱতৰণ কৰিব নোৱাৰিলে আৰু বিক্ৰম লেণ্ডাৰে চন্দ্ৰ পৃষ্ঠত খুন্দিয়াই দুৰ্ঘটনাত পতিত হ’ল। দুৰ্ঘটনা হোৱাৰ দুসপ্তাহলৈকে ISRO আৰু NASA য়ে বিক্ৰম লেণ্ডাৰৰ লগত সংযোগ কৰিব বহুত যত্ন কৰে কিন্তু সফল নহ’ল। সেইবাবে চন্দ্ৰযান- ২ ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰৰ মিছন অসফল হ’ল বুলি ISRO য়ে ঘোষণা কৰে।
এই চন্দ্ৰযান- ২ ৰ অভিযান নিৰ্দেশক আছিল Dr. Ritu Karidhal Srivastava, প্ৰকল্প নিৰ্দেশক আছিল Muthayya Vanitha.
জানি ভাল পাব এই চন্দ্ৰযান- ১ আৰু চন্দ্ৰযান- ২ মিছনত এজন অসমৰ বিজ্ঞানী দুয়োটা মিছনৰ মুখ্য বিজ্ঞানী আছিল। আৰু তেওঁ হৈছে যোৰহাটৰ জিতেন্দ্ৰ নাথ গোস্বামী। তেওঁ ভাৰতৰ মঙ্গল যানৰ লগতো জড়িত আছিল। জিতেন্দ্ৰ নাথ গোস্বামীক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন উপাধিৰে বিভূষিত কৰা হৈছিল। আজিলৈকে অসমৰ ইতিহাসত তিনিজন লোকেহে অসম ৰত্ন সন্মান পাবলৈ সক্ষম হৈছে; আৰু তেওঁলোক হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, সাহিত্যিক ডঃ মামনি ৰয়ছম গোস্বামী আৰু বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী। ইয়াৰ উপৰিও ডঃ জিতেন্দ্ৰ নাথ গোস্বামীয়ে ২০১৭ চনত পদ্মশ্ৰী, ২০০৩ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ১৯৭৮ চনত Indian National Science Association ৰ ফালৰ পৰা যুৱ বিজ্ঞানী বঁটা, ১৯৮৬ চনত আমেৰিকাৰ NASA ৰ ফালৰ পৰা NASA’s Public Service Group of Achievement Award পাবলৈ সক্ষম হৈছে। জিতেন্দ্ৰ নাথ গোস্বামীৰ বৰ্তমান বয়স ৭০ বছৰ। (ফটোত ২০১৭ চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্মশ্ৰী বঁটা লৈ থকা অৱস্থাত ডঃ জিতেন্দ্ৰ নাথ গোস্বামী।)
চন্দ্ৰযান- ২ ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰৰ বিফলতাৰ পাছতো কিন্তু ভাৰত চন্দ্ৰ অভিযানত থমকি ৰোৱা নাই। ভুলৰ পৰা শিক্ষা লৈ এইবাৰ ভাৰতে সাজু কৰিছে চন্দ্ৰযান- ৩।