অসম এইচ এছ এল চি পৰীক্ষাৰ কাগজ ফাদিল গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত কুমুদ ৰাজখোৱাই শুকুৰবাৰে বিয়লি উত্তৰ লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰে। লখিমপুৰ জিলাৰ দফালাকাটা হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজখোৱাই অসম আৰক্ষীৰ ডিজিপি জিপি সিঙৰ আহ্বানত আত্মসমৰ্পণ কৰে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে লখিমপুৰ জিলাত কাগজ ফাদিল গোচৰৰ আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লখিমপুৰ জিলাৰ লোহিত-খাবোলু হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত …