ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু পুনৰ এজন লোকৰ…..
অসমত ক’ৰোনা মহামাৰীৰ ভয়াবহতা অব্যাহত। কালক্ৰমত বঢ়ি গৈ অছে ক’ৰোনা ৰোগীৰ সংখ্যা। ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত লোকজনৰ নাম হেমাংগ মজুমদাৰ। তেওঁৰ বয়স ৪৫ বছৰ। খানাপাৰাৰ বাসিন্দা লোকজন।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জানিব দিয়া অনুসৰি জিএমচিএইচত মৃত্যু হয় লোকজনৰ। তেওঁক চিকিৎসালয়লৈ নিয়াত পলম হোৱা বুলিও কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।যাৰ বাবে লোকজনক চিকিৎসকে ৰক্ষা কৰিব নোৱাৰিলে।