ভাৰতে বন্ধুত্ব ৰক্ষাৰ লগতে শক্ৰক শিক্ষা দিয়া দুয়োটা কাম এ ভাল দৰে জানে: প্ৰধানমন্ত্ৰী মোডী…
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে সম্বোধন কৰে মন কী বাত অনুষ্ঠান। কোৰোনা মহামাৰীকে ধৰি বহু কেইটা বিষয় সাঙুৰি পতা হয় এই অনুস্থান। “মানুহবোৰ একলগ হৈ নহ’লে যিকোন মিছন সফল নহয় বুলি”, এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়। সেয়েহে আত্মনিৰ্ভশীল ভাৰতৰ বাবে প্ৰত্যোকে সংকল্পৰ লগতে সমপৰ্ণ আৰু সহযোগ অতিকৈ জৰুৰী। আপুনি বিদেশী সামগ্ৰী ক্ৰয় নকৰি দেশী হ’বলৈ শিকক। এয়াও এক প্ৰকাৰৰ দেশ সেৱা।
কোৰোনা মহামাৰীক লৈ বহু চৰ্চা হৈছে বুলি, তেওঁ লগতে কয় । দেশবাসীয়ে ভাৱিছে কেতিয়া এইবছৰটো শেষ হ’ব। বহুতে বন্ধুবৰ্গৰ সৈতে আলোচনা কৰিছে যে, ২০২০বৰ্ষতো শুভ নহয়। লগতে তেও কয় যে, সকলোৱে সাহসেৰে এই সংকটৰ সৈতে যুজঁ দিছে। কোৰোনা সংকটৰ মাজতে আকৌ কৃষক বন্ধুসকলে যুজঁ দিব লগা হৈছে কোৰোনা মহামাৰীৰ সৈতে। অতীতৰে পৰা ভাৰত দুৰ্যোগপূৰ্ণ পৰিৱেশৰ মাজৰেই আহি এই অৱস্থা পাইছেহি। বহুতে ভাৱিছিল দুৰ্যোগবোৰে ভাৰতক দুৰ্বল কৰি তুলিব কিন্তু বাৰে বাৰে প্ৰমাণ হৈছে দুৰ্যোগৰ সৈতে সৈতে যুঁজি ভাৰতীয় অধিক কঠোৰহে হৈছে। সংঘাতৰ বিপৰিতে থিয় হোবো পোৰ গুণ ভাৰতীয়ৰ অছে।
ভাৰত-চীনৰ সংঘাতক লৈ তেওঁ কয়, লডাখত ভাৰতলৈ চকু তুলি চোৱাসকলক উচিত প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতে বন্ধুত্বও কৰিব জানে আৰু চকু তুলি চোৱাসকলক শিক্ষা দিবও জানে। ভাৰতৰ শক্তি হৈছে বীৰ পুৰুষসকল যাক লৈ আজি দেশবাসীৰ লগতে তেওঁৰ পৰিয়াল-স্বজনো সন্তুষ্ট। যাৰ বাবে ভাৰত সদায়েই শক্তিশালী।
সংকটৰ সময়ত বিশ্বক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰত। যাৰবাবে আজি ভাৰতত শান্তি, বিকাশৰ ভেটিঁ স্থাপন হৈছে। আমি হিংসা নিবিচাৰো, আৰু সেই দিশেৰেই ভাৰত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কোৰোনা সংকটৰ সময়ত সকলো জনতাক সাৱধান আৰু সৰ্তকতাৰে থাকিবলে আহ্বান জনায়। মোডীয়ে লগত এ কৈ যে কোৰোনাৰ বিৰুদ্ধে ভাৰতৰ জয় হ’বই।