বিজেপি নেতাক ঘৰৰ পৰা ২০মিটাৰ নিলগত গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে…
জন্মু-কাশ্মীৰৰ কাজীগুণ্ডত সংঘটিত এই ঘটনা। এগৰাকী বিজেপি নেতাক ঘৰৰ ওচৰতে গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। গাওঁ পঞ্চায়ত অধ্যক্ষৰ দায়িত্বত আছিল উক্ত নেতাগৰাকী।
জানিব পোৱা মতে, কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে সন্ত্ৰাসবাদীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ইয়াৰ পাছতে হাস্পতাললৈ নিয়া হৈ যদিও পথতে মৃত্যু হয় নেতাগৰাকীৰ। নেতাগৰাকীৰ ঘৰৰ পৰা ২০মিটাৰ অতৰত সংঘটিত এই ঘটনা।
[jnews_block_2 ]