ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীৰ বানৰ তাণ্ডৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান্ত:

ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীৰ বানৰ তাণ্ডৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত:

বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে তাৰ উপনৈৰ বাঢ়নী পানীয়ে সমগ্ৰ অসমত তাণ্ডৱৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিঙা ৰাষ্ট্ৰীয় উদ্যানত ন ন অঞ্চল প্লাৱিত কৰিছে। এটাৰ পিছত এটা কৈ বন শিবিৰৰ তলেৰে বৈছে পানী।

ইতিমধ্যে অসমৰ আন আন ঠাইৰ বানাক্ৰান্ত পৰিয়াল সমূহে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু কেইবাশ পৰিয়ালে মাথাউৰি আৰু ৰিং বান্ধত আশ্ৰয় লৈছে। ইপিনে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য দুখনৰ প্ৰায় ৭০% বানৰ কৱলত পৰিছে। ফলত অভয়াৰণ্য দুখনৰ জীৱ-জন্তুৱে ওখ স্থানত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ এক বিস্তৃত এলেকা । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাত উদ্যানখন ভয়াৱহ বানৰ কৱলত পৰাৰ সম্ভাৱনা বৃদ্ধি হৈছে। ৬০টাৰো অধিক বনশিবিৰ এতিয়া বানৰ কৱলত উদ্যান খনৰ । বানৰ ফলত নিৰাপদ আশ্ৰয় বিচাৰি বিশ্বখ্যাত এশিঙীয়া গঁড়কে ধৰি বিভিন্ন জীৱ-জন্তু ওখ ঠাই আৰু খাদ্যৰ সন্ধানত ঢাপলি মেলিছে।

 ইতিমধ্যে উদ্যানখনৰ দক্ষিণ দিশে থকা ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশলৈ বন্যপ্ৰাণী সমূহ যাবলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতী বিলক আহাৰৰ সন্ধানত অচৰৰ চাহ বাগিচাৰ ফলে ধাপলি মেলিছে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অংশত চলাচল কৰা যান সমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে বেৰীকেট স্থাপন কৰাৰ লগতে গতি নিয়ন্ত্ৰণ কৰাৰ বাবে টাইম কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি সন্ধিয়া ৬ বজাৰ পৰা এই ব্যৱস্থা বলৱৎ হৈছে। নগাওঁ জিলাৰ কলিয়াবৰৰ আমগুৰিৰ পৰা বোকাখাতৰ পানবাৰী লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ এই পথছোৱাত নিয়ন্ত্ৰিত গতিত যান-বাহন সমূহ চলাব লাগিব। অন্যথা বন বিভাগৰ অভিযোগৰ ভিত্তিত পৰিবহন বিভাগে নিৰ্দেশনা উলংঘা কৰা যান-বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উদ্যান কৰ্তৃপক্ষই সকলোকে সতৰ্ক কৰি দিছে। কলিয়াবৰ আৰু বোকাখাত মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰি ইতিমধ্যে এই সন্দৰ্ভত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে।

 উদ্যান কৰ্তৃপক্ষক সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সাম্প্ৰতিক বানৰ প্ৰতি লক্ষ্য ৰাখি। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে ওখ ঠাই বিচাৰি আৰু খাদ্যৰ সন্ধানত উদ্যানখনৰ পৰা ওলাই যোৱা বন্যপ্ৰাণীৰ যাতে কোনো হানি বিঘিনী নহয় তাৰ বাবে সম্ভাৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে জিলাখনৰ কপিলী, ননৈ , হাৰিয়া, নিশাৰী, কলং আদি নৈৰ জলপৃষ্ঠও বৃদ্ধি হৈছে।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *