সংবাদ মেল চলি থকাৰ মাজতে আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন তথা হোৱাইট হাউচৰ বাহিৰত দুৰ্বৃত্তই গুলীবৰ্ষণ কৰা কথাই অধিক চাঞ্চল্য লাভ কৰিছে। জানিব পৰা মতে, গুলীবৰ্ষণৰ সময়ত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প প্ৰেছ মিটত ব্যস্ত আছিল। হোৱাইট হাউচৰ নিৰাপত্তাৰক্ষীৰ গুলীত আহত হৈছে গুলী চলোৱা দুৰ্বৃত্তগৰাকী।
উল্লেখ্য যে, বৰ্তমান গুলীবৰ্ষণ কৰা ব্যক্তিগৰাকী হাস্পতালত চিকিৎসাধিন অৱস্থাত আছে । গুলীবৰ্ষণৰ সময়তে নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সুৰক্ষিত স্থানলৈ লৈ যায়। এই বিষয়ৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, গুলীবৰ্ষণৰ ঘটনা সংহটিত হৈছিল যদিও বৰ্তমান সেই স্থানত স্থিতি নিয়ন্ত্ৰিত হৈ আছে। লগতে তেওৰ নিৰাপত্তাৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে।
[jnews_block_2 ]