প্ৰৱল প্ৰতিবাদৰ অন্তত অৱশেষত সত্ৰাধিকাৰক ক্ষমা খুজিলে বিজেপি নেতাই…
নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ এগৰাকীক বিজেপি নেতা এগৰাকীয়ে অপদস্থ কৰাক কেন্দ্ৰ কৰি আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে।
বিজেপিৰ নাৰায়ণপুৰ জিলা পৰিষদ সদস্য ভাস্কৰ হাজৰিকাই একাংশ বিজেপি নেতা-কৰ্মীক লগত লৈ নাৰায়ণপুৰ সত্ৰৰ সত্ৰাধিকাৰ গৰাকীক অপদস্থ কৰিছিল। এই কথাক কেন্দ্ৰ কৰি আজি সত্ৰ খনৰৰ মুল প্ৰবেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে ।
নাৰায়ণপুৰ আৰু পিছলা মণ্ডল কংগ্ৰেছৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা হৈছিল এই উক্ত প্ৰতিবাদ। এই প্ৰতিবাদৰ কাৰ্যসূচীত বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা আৰু জিলা পৰিসদ সদস্য ভাস্কৰ হাজৰিকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে।
[jnews_block_2 ]