বিগত দিনত বৃদ্ধি পাই গৈ আছে প্ৰতি লিটাৰ ডিজেলৰ মূল্য।
ক’ৰোনা মহামাৰীৰ ফলত দেশৰ অৰ্থনিতিত বেয়াকে প্ৰভাব পৰে। বিভিন্ন কাৰনত দেশৰ বিভিন্ন ক্ষেত্ৰত মূল্য বৃদ্ধি হোৱা দেখা যায়। ভাৰতত পেট্ৰল, ডিজেলৰ মূল্য বহু পৰিমানে বৃদ্ধি হোৱা দেখা যায়। অবশ্যে ৰাইজক কিছু সকাহ প্ৰদান কৰি বিগত তিনি দিন ধৰি দেশত বৃদ্ধি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য। পূৰ্বে প্ৰায় ২৪দিন ধৰি ধাৰাবাহিক মূল্যবৃদ্ধিৰ পাছতে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলৰ নেতাসকলেও তীব্ৰ কটাক্ষ কৰিছিল চৰকাৰক।
বিগত ২৪দিনত দেশত প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে ১১.২৩ টকা আৰু প্ৰতিলিটাৰ পেট্ৰ’লত ৯.১৭ টকা বৃদ্ধি পাইছে। বৃহস্পতিবাৰে ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮০.৪৩ টকা আনহাতে ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৮০.৫৩ টকা।