ৰাজ্যত পুনৰ ২জনৰ প্ৰান কঢ়িলে ক’ৰোনা ভাইৰছে।
দেশৰ লগতে ৰাজ্যত অব্যাহত ক’ৰোনা ভাইৰাচৰ আতংক। ৰাজ্যত পুনৰ এক বেয়া খবৰ। ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ ২জন লোক নিহত হয়। বৃহস্পতি বাৰে মৃত্যু হৈছে লোক দুজনৰ। তেওঁলোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি জানিব দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকী।
মৃত্যু হোৱা লোক দুজনৰ নাম ক্ৰমে, প্ৰভুদয়াল বিৰাৱাতকা আৰু সুভাষ কলিতা। প্ৰভুদয়াল বিৰাৱাতকাৰ বয়স আছিল ৭৮ আৰু সুভাষ কলিতাৰ বয়স আছিল ৫৬ বছৰ। ইয়াৰ লগে লগে অসমত ক’ৰোনাত মৃতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পায়।