পুনৰ ভয়ংকৰ ভূমিস্খলন, মালিগাঁও মাধৱদেৱ নগৰত…
কিছুদিনৰ পৰা নেৰা নেপেৰা বৰষুন দি থকাত অসমৰ বিভিন্ন স্থানত বানৰ কাল ৰূপ দেখা গৈছে। ইয়াৰ লগত এ গুৱাহাটী চহৰত বৰষুনৰ বাবে ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা দেখা যায়।
পুনৰ সংঘটিত মহানগৰীত ভূমিস্খলনৰ ঘটনা। এইবাৰ মহানগৰী ৰ মালিগাঁও মাধৱ দেৱ নগৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
মালিগাঁও মাধৱ দেৱ নগৰত এজাক বৰুষণ ৰ সময়ত তলত খহি পৰে পাহাৰৰ মাটি আৰু শিল।
মাধৱ দেৱ নগৰত অহা যোৱা কৰা মূল পথৰ ওপৰত পাহাৰৰ পৰা খহি পৰিল মাটি আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিল। বৰ্তমান সেই স্থানত বিপদজনক ভাবে ওলমি আছে কেইবাটাও প্ৰকাণ্ড শিল। তাৰ তলত থকা কেবাটাও পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্ত্ৰিত কৰা হৈছে।