গুৱাহাটীৰ বজাৰত এতিয়া শাক পাছলিৰ মূল্য বহু গুণে বাঢ়িছে:
২৯ জুন, ২০২০ৰ পৰা মহানগৰীত ১৪ দিনৰ বাবে হ’ব লকডাউন। এন এইচ চি এমৰ মুখ্য কাৰ্যালয়ত অনিচ্ছা স্বত্তেও গুৱাহাটীত লকডাউন দিব লগা হোৱা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।
সাধাৰণ শাক-পাচলিৰ লগতে সাধাৰণতে ব্যৱহাৰ কৰা আলু পিয়াজৰ মূল্য বৃদ্ধি বজাৰত। বজাৰলৈ যোৱা মানুহ অচেতন হোৱা সদৃশ হৈ পৰিছে। কিছু সময় আগতে ২৫ টকা প্ৰতিকেজিত মহানগৰীৰ বজাৰত বক্ৰী হৈছিল আলু। কিন্তু শনিবাৰে সেই আলুৰ দাম ৫০ ৰ পৰা ৬০ টকালৈ বঢ়া দেখা যায়।
এক কেজি আলুৰ দাম ৬০ টকা। এটকাও কমাব নিবিচাৰে বিক্ৰেতাই। গ্ৰাহক এ আলুৰ দাম বেছি হোৱা বুলি কোৱাত, কিনিলে কিনিব, নিকিনিলে নাই বুলি গ্ৰাহকক কয় দোকানীয়ে। মহানগৰীত বজাৰত লগা জুইৰ এয়া এক প্ৰতিচ্ছবি।
আন শাক-পাচলিৰ লগতে আলু হ’ল এনে এবিধ পাচলি যি বিধ পাচলি প্ৰতিটো পৰিয়ালে প্ৰায়ে ব্যৱহাৰ কৰে। লকডাউন এ যেন অসাধু ব্যবসাইৰ ববে আৰ্শীবাদ হৈ পৰিছে।
কোনো কোনো স্থানত পুৰণা আলু প্ৰতি কেজি বিক্ৰী হৈছে ৫০ টকাকৈ। গ্ৰাহকে প্ৰতিবাদ কৰি আলুৰ দাম ইমান বিক্ৰী কৰা বুলি দোকানীৰ সৈতে থকা-খুন্দাও লাগিলে। কিন্তু সেইবোৰলৈ কাণ নাই দোকানীৰ। দোকানীৰ মতে আলু হেনো পাবলৈ নাই এতিয়া।
এই যুক্তি দিয়েই দোকানীয়ে বিনা বাধাই বিক্ৰী কৰি গ’ল প্ৰতি কেজি আলুত ৫০ টকাকৈ। আলু ক্ৰয় কৰিবলৈ অহা বহু গ্ৰাহকে খালী মোনা জোকাৰিয়েই সেই স্থানৰ পৰা আঁতৰি গ’ল।
অন্যান্য শাক-পাচলিৰ কথা ক’বই নালাগে । চাউলৰ দামো প্ৰতি কেজিত ৫-১০ টকা বৃদ্ধি হৈছে। সৰু মচুৰ দাইলৰ মূল্য ঠায়ে ঠায়ে ব্যৱসায়ীয়ে ১১০টকা কৰিছে। ডাঙৰ মচুৰ দাইলৰ মূল্য ৯০ টকা কৰিলে। বিলাহী প্ৰতি কেজিত ২৫০ টকা, লগতে আদা, নহৰুৰ দাম প্ৰতি কেজি ৩৫০ টকালৈ বৃদ্ধি।
পাচলি বজাৰত ৪০-৫০ টকীয়া জিকাৰ মূল্য ১২০ টকা হ’ল। ভেন্দী, ৰঙালাও, তিয়হ আদিৰ মূল্যও ৩০-৪০ টকা বাঢ়িছে প্ৰতি কেজিত। কিন্তু এইবোৰ প্ৰতিৰোধৰ বাবে কামৰূপ মহানগৰ নতুবা খাদ্য-অসামৰিক যোগান বিভাগে লোৱা নাই কোনো পদক্ষেপ। দুখীয়া দৰিদ্ৰ জনে দাম শুনি জেপ চাই ঘৰলৈ উভতিছে। এফালে লকডাউনৰ চিন্তা, আনফালে বজাৰত হাহাকাৰ। কোৰোনা ভাইৰাছৰ বাবে মহানগৰীত লকডাউন আৰম্ভ হ’বলৈ মাজত ২৪ ঘন্টাৰ সময়। সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ ১২ ঘন্টা সময় বাদ দিলে বজাৰ-সমাৰ কৰিবলৈ ৰাইজৰ হাতত আছেগৈ দেওবাৰৰ দিনটো।
সেয়েহে বজাৰতো বাঢ়িছে ভিৰ। একাংশ অসাধু ব্যৱসায়ীয়ে সেই সুযোগ গ্ৰহণ কৰি। ২০-২৫ টকাত কিনি থকা এক কেজি আলুৰ মূল্য প্ৰায় ৩ গুণ বৃদ্ধি হ’ল।
লকডাউনৰ সময়চোৱাত শ্ৰমজীৱী লোকসকলৰ বাবে বন্ধ হ’ব উপাৰ্জনৰ পথ। দিনটোৰ উপাৰ্জনেৰে তেওঁলোক চলে । তেনে ক্ষেত্ৰত কেইদিনমানৰ কাৰণে খাদ্য জমা ৰাখিবলৈও এতিয়া বজাৰলৈ যাব পৰা অৱস্থাত নাই।
সাধাৰণ লোকৰ কথা বাদেই মহানগৰীৰ অভিজাত লোকসকলৰ চকুও বয়বস্তুৰ দাম শুনি কপালত উঠিছে। আলু এতিয়া সৰ্ব সাধাৰণ খাদ্য হৈ যেন নাই। আলু ভাত খাই থাকিবলৈও হাজাৰ বাৰ চিন্তা কৰাৰ পৰিস্থিতি।
সাধাৰন জনতাৰ ববে অভিশাপ হৈ পৰিছে এই লকডাউন। চৰকাৰৰ ওচৰতো নাই বিকল্প ব্যৱস্থা।
পৰিস্থিতিগত কাৰণত লকডাউন দিছে। কিন্তু অসাধু ব্যবসায়ৰ এনে কাৰ্য অতিকৈ ঘৃণনীয় আৰু লজ্জাজনক।