এইবাৰ এছবিআইত ক’ৰনা মহামাৰীৰ তাণ্ডব:
কোভিড-১৯ এই বাৰ এছবিআইৰ তিনিগৰাকী বিষয়া-কৰ্মচাৰীৰ দেহত দেখা গৈছে।
গোতেই বিশ্বত ক’ৰনা মহামাৰীৰ তাণ্ডব চলি আছে। অসমতো কম বেচি পৰিমানে ক’ৰনা মহামাৰী আত্ংক দেখা গৈছে।
এই সময়তে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ তিনিগৰাকী বিষয়া-কৰ্মচাৰীৰ দেহত কোভিড-১৯ ৰোগ ধৰা পৰে।
ইয়াৰে গুৱাহাটী এছবিআই আঞ্চলিক মুখ্য কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধনক বিজয় শংকৰ দাস কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ।
লগতে ফাঁচী বজাৰ ইভিনিং ব্ৰাঞ্চৰ ফিল্ড অফিচাৰ সুমিতা ভৰালী আৰু এছবিআই নিউ গুৱাহাটী শাখাৰ নিৱা দলৈ’ৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি।
ইফালে, এছবিআই ত নিয়োযিত আন দুজন লোকৰ কোভিড-১৯ পৰীক্ষাৰ ফলাফল বৰ্তমানলৈ লাভ কৰা হোৱা নাই।