“কোনো দিনে আৰু চীনৰ পণ্য সামগ্ৰীৰ বিজ্ঞাপন নকৰো”, ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙ:
সমগ্ৰ দেশত এতিয়া চীনা সামগ্ৰী বৰ্জন কৰাৰ চৰ্চাৰ মাজতে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ক্ৰিকেটাৰ হৰভজন সিঙে।
ক্ৰিকেটাৰগৰাকীয়ে জনাই যে এতিয়াৰে পৰা আৰু তেও কোনো চীনা সামগ্ৰীৰ বিজ্ঞাপন নকৰে।
শেহতীয়াকৈ লাডাখৰ ভাৰত-চীন সীমান্তৰ গলৱান উপত্যকাত চীনৰ সেনাৰ সৈতে সংঘৰ্ষৰ ফলত ২০গৰাকী ভাৰতীয় সৈনিক শ্বহীদ হয়।
এই ঘটনাৰ পাছতে দেশত চীনৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাৰতৰ জনসাধাৰণে বিভিন্ন ঠাইত চীনা সামগ্ৰী বৰ্জনৰ কৰাৰ দাবী জনাই ৰাজপথলৈ ওলাই আহে। ইয়াৰ উপৰি জনসাধাৰণে বহুঠাইত চীনা সামগ্ৰী জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা গৈছে।
এনে সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ হৰভজন সিঙে চীনৰ বিৰুদ্ধে তেওঁৰ ক্ষোভৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে।
ক্ৰিকেটাৰ হৰভজন সিঙে চীনৰ পণ্য সামগ্ৰী বৰ্জনৰ আহ্বান জনাই কয়,”আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে চীনক বৰ্জন কৰাৰ এইটো উপযুক্ত সময়। ভাৰতত সকলো নিজে প্ৰস্তুত কৰা সম্ভৱ। সেইক্ষমতা তথা দক্ষতা আমাৰ আছে”।
তেওঁ কয়,“আমি বিচাৰিলে চীনৰ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিব পাৰো। তেওঁলোকে যেতিয়া আমাৰ সৈনীক সকলক আক্ৰমণ কৰিছে আমি তেওঁলোকৰ সামগ্ৰী নিষিদ্ধ কৰি দিয়াই উচিত। আমাৰ টকাৰে কিয় তেওঁলোকৰ দেশ চলাব দিম? যিসকলে বৰ্জনৰ আহ্বান দিছে মই তেওঁলোকৰ লগত আছো”।
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে লগতে এতিয়াৰে পৰা আৰু কোনো চীনা সামগ্ৰীৰ বিজ্ঞাপন নকৰাৰ কথাও স্পষ্ট কৰি দিছে।
উল্লেখ্য যে এই সন্দৰ্ভত মাত মতা হৰভজন সিঙ প্ৰথম তাৰকা।
সাম্প্ৰতিক পৰিস্থিতিত চীনৰ বিৰুদ্ধে হৰভজনে এনেদৰে মুকলিকৈ ওলাই অহাৰ পাছত আগন্তুক সময়ত দেশৰ আন তাৰকাসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।