যুদ্ধৰ দামামা !!! প্ৰশান্ত মহাসাগৰত আমেৰিকাৰ তিনি যুদ্ধজাহাজ, চীনৰ প্ৰতিক্ৰিয়া: ভাৰত-চীন সীমান্তৰ যুদ্ধৰ চেপা উত্তেজনাৰ মাজতে প্ৰশান্ত মহাসাগৰত আমেৰিকাৰ নিউক্লিয়াৰ শক্তিসম্পন্ন তিনিখন যুদ্ধ জাহাজে টহল দিয়া দেখা গৈছে।
যুদ্ধ জাহাজ তিনিখনে মুঠ ১,০০,০০ টন ওজনৰ বিমান বহন কৰিব পাৰে। তিনিওখন যুদ্ধ জাহাজে প্ৰশান্ত মহাসাগৰৰ পুব আৰু পশ্চিম দিশত টহল দিয়া বুলি আমেৰিকান জল সেনাই এটা প্ৰেচ বিবৃতিযোগে জানিবলৈ দিছে।
আমেৰিকান জল সেনাৰ বিবৃতিৰ মতে এয়া এক ৰুটিনমাফিক কাৰ্যসূচী আৰু কোনো দেশক লক্ষ কৰি এনেকুৱা টহল দিয়া নাই বুলি বিবৃতিত কোৱা হৈছে। কিন্তু টহলৰ বিষয়ক লৈ চলিত বছৰটোত চীন চৰকাৰে প্ৰথমবাৰৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে।
চীন চৰকাৰৰ মতে, এই টহলৰ জৰিয়তে আমেৰিকাই বিতৰ্কিত দক্ষিণ চীন সাগৰৰ সিছা আৰু নানছা দ্বীপৰ চীনা সৈন্যলৈ ভাবুকি নমাই আনিব পাৰে। উল্লখ্য যে কৰোনা বিষয়ক কেন্দ্ৰ কৰি আমেৰিকা আৰু চীনৰ কূটনৈতিক সম্পৰ্কৰ ইতিমধ্যে অৱনতি ঘটাৰ বিপৰীতে ভাৰতৰে আমেৰিকাৰ সম্পৰ্কই নতুন দিশ লাভ কৰিছে।
ইয়াৰ মাজতে যোৱা সোমবাৰে ঘটি গ’ল ভাৰত-চীন সীমান্তৰ গলৱান ঘাটি কাণ্ড। এনে সময়তে আমেৰিকান নেভিৰ যুদ্ধ জাহাজৰ টহলদাৰীক সহজভাৱে ল’ব বিচৰা নাই চীনে।
https://www.youtube.com/watch?v=E9W6N7SFHfU&feature=emb_title