আছু-AJYCPৰ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন…
অৱশেষত আত্মপ্ৰকাশ কৰিলে আছু আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দলৰ। অসম জাতীয় পৰিষদ নাম দিয়া হৈছে নতুন দলটোৰ। এই আঞ্চলিক দলটোৰ মূল শ্লোগান হৈছে- ঘৰে ঘৰে আমি। জগদীশ ভূঞা ৰাজ্যিক সমন্বয়ক হব এই নতুন দলোটোৰ। ৰাজ্যৰ ২৫ খন জিলাত সাংগঠনিক কাম আৰম্ভ হৈছে বুলি সংবাদমেল যোগে জানিব দিছে দলৰ অহ্বায়ক সকলে। চলিত বৰ্ষৰ ৩০ অক্টোবৰৰ ভিতৰত সাংগঠনিক পক্ৰিয়া সম্পূৰ্ণ হব। এই সংবাদমেলত আহ্বায়ক মণ্ডলীয়ে উল্লেখ কৰে যে- ৰাইজে আস্থাত লব পৰাকৈ সাংগাঠনিক দিশ সবলভাৱে গঢ়ি তোলা হব এই দলৰ। দলটোত যুৱ প্ৰজন্মক বিশেষভাৱে আগস্থান দিয়া হব। ৰাজ্যিক,জিলা,সমষ্টি আৰু বুথ ভিত্তিক দলীয় কাম কাজ আৰম্ভ কৰা হৈছে এই দলৰ।
[jnews_block_2 ]