অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ মৃত্যু…
ৰাজ্যত পুনৰ শোকৰ ছাঁ। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসে। বৃহস্পতিবাৰে দিনৰ ১.৫৬বজাত জি এন আৰ চিত মৃত্যু হয় তেখেতৰ। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল বিমল দাস।
উল্লেখ যোগ্য যে, যোৱা ২৭ আগষ্টত অভিনেত্ৰী চেতনা দাসৰ লগতে তেখেতৰ স্বামী বিমল দাসৰ দেহত ক’ভিড-১৯ ধৰা পৰিছিল। ক’ৰোনাত আক্ৰান্ত হৈ জি এন আৰ চিত চিকিত্সাধীন হৈ আছিল তেখেতসকল। হস্পিতালত আই চি ইউত চিকিত্সাধীন হৈ থকা বিমল দাসক প্লাজমা থেৰাপীও কৰা হৈছিল। তেখেতৰ দেহত হঠাৎ অক্সিজেনৰ পৰিমাণ ৫২শতাংশলৈ কমি যোৱাত তেওঁৰ অৱস্থা সংকটজনক হৈ পৰিছিল।
উল্লেখ্য যে, অভিনেত্ৰী চেতনা দাস এতিয়াও চিকিৎসাধীন হৈ আছে।
[jnews_block_2 ]