‘মোডী চৰকাৰে কিয় ইমান অপমান কৰে ক’ৰোনা যোদ্ধাক?’ ৰাহুল গান্ধী…..
টুইটাৰ যোগে ক’ৰোনা যোদ্ধাৰ সন্দৰ্ভত মোডী চৰকাৰৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে টুইটাৰত কয় যে, “প্ৰতিকুল তথ্য বিহীন মোডী চৰকাৰ। কাহি বজোৱা, বন্তি জ্বলোৱাতকৈ স্বাস্থ্যকৰ্মী সকলক সন্মান আৰু সুৰক্ষা প্ৰদান কৰা বেছি গুৰুত্বকৰ। ক’ৰোনা যোদ্ধাক মোডী চৰকাৰৰ ইমান অপমান কিয় ?”
উল্লেখ্য যে, ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা দেশৰ স্বাস্থ্য কৰ্মীৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই। স্বাস্থ্য আৰু পৰিয়াল কল্যান ৰাজ্যিক মন্ত্ৰী অশ্চিনী কুমাৰ চৈবেই লিখিত ভাবে এই কথা সদনত প্ৰকাশ কৰিছিল। এই মন্তব্যৰ পিছতে ৰাহুল গান্ধীয়ে টুইটাৰত মন্তব্য প্ৰকাশ কৰে।
[jnews_block_2 ]