শিক্ষামন্ত্ৰীৰ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু, উত্তৰ প্ৰদেশৰ…
ক’ৰোনাত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ শিক্ষামন্ত্ৰী কমলৰাণী বৰুণৰ মৃত্যু। লক্ষ্ণৌৰ সঞ্জয় গান্ধী পিজিআইত চিকিৎসাধীন হৈ আছিল মন্ত্ৰী কমলৰাণী। চৰকাৰী সুত্ৰত প্ৰকাশ পোৱা অনুসৰি ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ নিউমোনিয়া ৰোগতো আক্ৰান্ত হৈছিল শিক্ষা মন্ত্ৰী কমলৰাণী। জানিব পোৱা মতে, ক’ভিডত আক্ৰান্ত হোৱাৰ আগতে কমলৰাণী মধুমেহ, উচ্চ ৰক্তচাপ আৰু থাইৰয়দ ৰোগত ভূগি আছিল। চিকিৎসকে সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ ফলতো দেওবাৰে মৃত্যুক আকোৱালী লয় কমলৰাণীয়ে। প্ৰায় ১০ দিন ধৰি ক’ভিডৰ সৈতে যুঁজ দি আছিল মন্ত্ৰী কমলৰাণী। অৱশেষত দেওবাৰে পুৱা ৯ বজাত মৃত্যুক সাৱটিলে মন্ত্ৰী গৰাকিয়ে।
কমলৰাণী বৰুণৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে অযোধ্যাৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছে।
জানিব পোৱা মতে, কমলৰাণীৰ ছোৱালীও ক’ৰোনাত আক্ৰান্ত হৈছিল যদিও পাছলৈ তেওঁ ক’ভিড নিগেটিভ হয়।[jnews_block_2 ]