বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ কেতিয়া অনুস্থিত হ’ব জানি লওক…

বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ কেতিয়া অনুস্থিত হ’ব জানি লওক…

অসমত অব্যাহত ক’ৰোনা মহামাৰীৰ আতংক। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ চলিত বৰ্ষত ক’ৰোনা সংকটৰ বাবে সময়মতে অনুষ্ঠিত নহ’ল। কিন্তু শেহতীয়াকৈ ইউ জি চি য়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহৰ ক্ষেত্ৰত সংশোধিত গাইড লাইন জাৰি কৰে। এই নিৰ্দেশনাত কোৱা হৈছে যে, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে চলিত বৰ্ষৰ ৩০ চেপ্তেম্বৰৰ ভিতৰত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব ।

ইউ জি চি য়ে লগতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাসমূহ অনু্ষ্ঠিত কৰাটো অনিবাৰ্য বুলি নিৰ্দেশনা জাৰি কৰিছে। কিন্তু সকলোবোৰ পৰীক্ষা ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব। স্থানীয় পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ছেপ্তেম্বৰৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। পৰীক্ষাৰ সন্দৰ্ভত ইউ জি চি য়ে পিছৰ পৰ্যায়ত অৱগত কৰাব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, গৃহ মন্ত্ৰণালয়ৰ অনুমতি সাপেক্ষে, ইউ জি চি য়ে যোৱা কিছুদিনত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰীক্ষা সংক্ৰান্তত কেইবাতাও মন্তব্য দিছে।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *