বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাক লৈ, ৩১ জুলাইত শুনানি উচ্চতম ন্যায়ালয়ৰ…
৩০ ছেপ্টেম্বৰৰ ভিতৰত বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা সম্পূর্ণ কৰাটো বাধ্যতামূলক হিচাপে ইউ জি চি প্ৰদান কৰা নির্দেশনাক প্রত্যাহ্বান জনাই দাখিল কৰে আবেদন। এই আবেদনৰ শুনানি গ্রহণ কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে ইউ জি চিলৈ জাননী জাৰি কৰিছে৷ এই আবেদনৰ শুনানি অহা ৩১ জুলাইত পুনৰ গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে, দেশৰ বিভিন্ন প্রান্তৰ বিশ্ববিদ্যালয়ৰ ৩১গৰাকী শিক্ষার্থীয়ে ইউ জি চিয়ে ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত চূড়ান্ত পৰীক্ষা সম্পূর্ণ কৰা বাধ্যতামূলক নির্দেশনাক প্রত্যাহ্বান জনোৱাই দখিল কৰিছে আবেদন৷ মহামাৰী ক’ভিড–১৯ৰ ভয়ংকৰ তাণ্ডৱৰ লগতে অসমকে ধৰি দেশৰ বিভিন্ন প্রান্তত বানপানীৰ হাহাকাৰৰ মাজত কিদৰে ইউজিচিয়ে পৰীক্ষা অনুষ্ঠিত কৰিব। এই সন্দর্ভত আবেদনকাৰীৰ হৈ যুক্তি প্রদর্শন কৰে অধিবক্তাই৷ দেশৰ এনে পৰিস্থিতিৰ মাজত ইউ জি চিৰ নির্দেশনাই শিক্ষার্থীসকলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ বাধ্য কৰোৱাটো মুঠেই গ্রহণযোগ্য নহয় বুলি শিক্ষার্থীসকলে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনত উল্লেখ কৰিছে৷
উল্লেখ্য যে, ইউ জি চিৰ নির্দেশনাক প্রত্যাহ্বান জনাই ১৩খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ শিক্ষার্থীয়ে আবেদন দাখিল কৰিছে৷ লগতে শিক্ষার্থীয়ে ছচিয়েল মিডীয়া যোগে ও পৰীক্ষা অনুষ্ঠিতক লৈ আপত্তি প্ৰকাশ কৰিছে।