বিএমচিয়ে বাসভৱন ভাঙাৰ পিছত কংগনা ৰানাৱটৰ মন্তব্য…
অভিনেত্ৰী কংগনা ৰানাৱটে বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ ওপৰত কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, বিএমচিয়ে ভাঙি দিয়ে আজি কংগনা ৰানাৱটৰ বাসগৃহ। তাৰপিছতে কংগনাৰ মুম্বাইৰ কাৰ্যালয়ো ভাঙিবলৈ লয় যদিও কংগনাই দাখিল কৰা খাৰিজ মৰ্মে ন্যায়ালয়ে এই কাম স্থগিতাদেশৰ নিৰ্দেশ দিয়ে বিএমচিক।
ইয়াৰ পাছতে টুইটাৰত ভিডিঅ’ যোগে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যুত্তৰ দিয়ে কংগনা ৰানাৱটে। কংগনাই এই ভিডিঅ’টোত এই বুলি কয়- ‘উদ্ধৱ ঠাকৰে, তই কি ভাবিছ? মোৰ ঘৰ ভাঙি তই প্ৰতিশোধ ললি। আজি মোৰ ঘৰ ভাঙিছে, কালি তোৰ অহংকাৰ ভাঙিব। সময় সলনি হৈ থাকে, এই কথা মনত ৰাখিবি। মই কাশ্মীৰৰ ব্ৰাহ্মণৰ লগত কি হৈছিল সেয়া আজি অনুভব কৰিব পাৰিছোঁ।’
লগতে কংগনা ৰানাৱটে অকল অযোধ্যাই নহয়, কাশ্মীৰৰ কাশ্মীৰি পণ্ডিতসকলৰ ওপৰতো এখন ছবি নিৰ্মাণৰো কথা উল্লেখ কৰে।
[jnews_block_2 ]