মহাকাশ বিজ্ঞানৰ সকলোতকৈ ৰহস্যময় কথা Time Travel বা সময় যাত্ৰা আচলতে কি! আমি আমাৰ ভৱিষ্যত বা অতীতলৈ যাব পাৰো নেকি! যদি যাব পাৰো কেনেকৈ যাব পাৰিম! বিজ্ঞানে কি কয় এই বিষয়ে! মহাভাৰতৰ বলৰামৰ লগত এই সময় যাত্রাৰ কি সম্পৰ্ক আছে!
Time Travel বা সময় যাত্ৰা ধাৰণাটো পুৰণি কালৰ পৰা মানুহৰ মনত কৌতুহলৰ সৃষ্টি কৰি আহিছে। ইয়াৰ ওপৰত হলীউডত কেইবাখনো চিনেমাও বনোৱা হৈছে। হিন্দু ধর্মতো সময় যাত্ৰাৰ কথা উল্লেখ আছে। Time Travel বা সময় যাত্ৰা মানে হৈছে সময়ৰ আমি ভৱিষ্যত বা অতীতলৈ যাত্ৰা কৰা। আমি এনেও সময়ৰ সৈতে অতীতৰ পৰা বৰ্তমান হৈ ভৱিষ্যত যাত্ৰা কৰি আছো। সময় ৰৈ নাথাকে কেতিয়াও; আগুৱাই গৈ থাকে। সেইবাবে সময়ক 4th Dimension (4D) (চতুৰ্থ মাত্ৰা) বুলিও কোৱা হয়। প্ৰথম মাত্ৰা (1D) হৈছে দীঘল-চুটি , দ্বিতীয় মাত্ৰা (2D) হৈছে বহল-ঠেক , আৰু তৃতীয় মাত্ৰা (3D) হৈছে ওখ চাপৰ। কথাটো আমি বুজিবলৈ এনেকৈ ক’ব পাৰো যে আমি গাড়ী এখন লৈ আগুৱাই গৈছোঁ সেইয়া হৈছে প্ৰথম মাত্ৰা, বাওঁফালে-সোঁফালে গাড়ীখন ঘূৰাইছোঁ আৰু সেইয়া হৈছে দ্বিতীয় মাত্ৰা, এইবাৰ আমি ঢাপ এটা পালোঁ আৰু গাড়ীখন সেই ঢাপত তললৈ লৈ গ’লো আৰু সেইয়া হৈছে তৃতীয় মাত্ৰা।
বিজ্ঞানী সকলে জনাইছে যে ব্ৰহ্মাণ্ডত সময় বেলেগ বেলেগ গতিত চলি আছে। পৃথিৱীত এতিয়া সময় যি গতিত চলি আছে, ব্ৰহ্মাণ্ডৰ আন ঠাইত সেই গতিত চলি থকা নাই। ক’ৰবাত হয়তো খুব দ্ৰুত গতিত সময় আগবাঢ়ি গৈ আছে আৰু ক’ৰবাত মন্থৰ গতিত।
শ্ৰীকৃষ্ণৰ ভাতৃ বলৰামৰ লগত এই সময় যাত্রাৰ এক সম্পৰ্ক আছে। হিন্দু ধর্মৰ এক পৌৰাণিক আখ্যান মদ্ভাগৱতৰ মতে ভাৰতবৰ্ষত কুশস্থলী বুলি এখন ৰাজ্য আছিল আৰু তাৰ ৰজা আছিল কাকুদমী। কাকুদমী ৰজাৰ এজনী ধুনীয়া জীয়ৰী আছিল আৰু তাইৰ নাম আছিল ৰেৱতী। ৰেৱতীৰ বাবে কাকুদমী ৰজায়ে উপযুক্ত পাত্ৰ বিচাৰি পোৱা নাছিল। এবাৰ কাকুদমী ৰজায়ে পৃথিৱীৰ ভাল ভাল ৰাজকুমাৰৰ এখন তালিকা বনাই সেই তালিকাৰ এজন উপযুক্ত ৰাজকুমাৰক নিৰ্বাচন কৰাৰ উদ্দেশ্যেৰে মহাকাশত থকা ব্ৰহ্মলোক পালেগৈ। যেতিয়া কাকুদমী ৰজা ব্ৰহ্মলোক পালে তেতিয়া ব্ৰহ্মাদেৱ সংগীত অনুষ্ঠান এটা উপভোগ কৰাত ব্যস্ত আছিল। সেইবাবে কাকুদমী ৰজায়ে ব্ৰহ্মাদেৱৰ বাবে বাহিৰতে অপেক্ষা কৰি থাকিল। সংগীত অনুষ্ঠান শেষ হোৱাৰ পাছত কাকুদমী ৰজায়ে ব্ৰহ্মাদেৱক লগ কৰে আৰু নিজৰ সমস্যাৰ কথা কয় লগতে নিজৰ লগত অনা ৰাজকুমাৰৰ তালিকাখন ব্ৰহ্মাদেৱক দিয়ে। তালিকাখন দেখি ব্ৰহ্মাদেৱে হাঁহি মাৰি কয় যে এইখন কি তালিকা দিছা, ইয়াৰ এজনো ৰাজকুমাৰ এতিয়া পৃথিৱীত জীয়াই থকা নাই। আৰু কাকুদমী ৰজাৰ ৰাজ্যখনো এতিয়া নাই। কাকুদমী ৰজায়ে এই কথা শুনি অবাক হৈ পৰে। তেতিয়া ব্ৰহ্মাদেৱে কয় যে ব্ৰহ্মাণ্ডত সকলো ঠাইতে সময় বেলেগ বেলেগ গতিত চলি আছে সেইবাবে ব্ৰহ্মলোকত কটোৱা এই ক্ষন্তেক সময়ত পৃথিৱীত কেইবাটাও যুগ পাৰ হৈ গ’ল।
তাৰ পাছত কাকুদমী ৰজায়ে ব্ৰহ্মাদেৱৰ ওচৰত ইয়াৰ সমাধান বিচাৰিলে। ব্ৰহ্মাদেৱে কাকুদমী ৰজাক সমাধান দি কয় যে এতিয়া পৃথিৱীত ভগৱান বিষ্ণুৰ এটা অৱতাৰ বলৰাম শ্ৰীকৃষ্ণৰ ভাতৃ হিচাপে জন্ম লৈছে আৰু বলৰামেই হৈছে কাকুদমী ৰজাৰ জী ৰেৱতীৰ বাবে উপযুক্ত পাত্ৰ।
এই আখ্যানৰ পৰা বুজা যায় যে পৌৰাণিক শাস্ত্ৰটো Time Travel বা সময় যাত্ৰাৰ কথা উল্লেখ আছিল।
বিজ্ঞানেও এই Time Travel বা সময় যাত্ৰা ধাৰণাটোক স্বীকৃতি দিছে। বিজ্ঞানৰ সমীকৰণ মতে Time Travel বা সময় যাত্ৰা কৰাটো সম্ভৱ। কিন্তু প্ৰশ্ন হয় কেনেকৈ?
Time Travel বা সময় যাত্ৰা কৰি আমি আমাৰ ভৱিষ্যতলৈ যাব পাৰো। এই ধাৰণাক স্বীকৃতি দিছে বিশ্ব বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ অপেক্ষিকতাবাদৰ সূত্ৰয়ে (Theory of Relativity)। আইনষ্টাইনৰ বিখ্যাত অপেক্ষিকতাবাদৰ সূত্ৰয়ে কয় যে এটা বস্তুৰ যদি স্পীড (গতি) বাঢ়ি গৈ থাকে তেন্তে বস্তুটোৰ সময় মন্থৰ (Slow) হৈ যায়। বস্তুটোৰ নিজৰ সময় মন্থৰ হৈ যোৱাৰ বাবেই বস্তুটোৰ আশে পাশে থকা বস্তুবোৰৰ সময় আগবাঢ়ি যায়। আৰু এটা সময়ত বস্তুটো ৰৈ গ’লে এনে লাগিব যে তেওঁ খুব কম সময়ত ভৱিষ্যতলৈ গুচি গ’ল।
এলবাৰ্ট আইনষ্টাইনৰ উপৰিও বিখ্যাত বিজ্ঞানী ষ্টিফেন হকিংছয়েও বিজ্ঞানৰ সমীকৰণৰে এই কথা প্ৰমাণ কৰিছে যে আমি ভৱিষ্যতলৈ যাব পাৰো, ই অসম্ভৱ নহয়।
কিন্তু এই স্পীড খুব কম হ’লে সময় মন্থৰ হোৱা আমি অনুভৱ নকৰোঁ। ইয়াৰ বাবে স্পীড খুব বেছি হোৱাৰ প্ৰয়োজন। আইনষ্টাইনৰ বিখ্যাত অপেক্ষিকতাবাদৰ সূত্ৰয়ে কৈছে যে আমি যদি পোহৰৰ বেগত বা পোহৰৰ বেগৰ ৯০ শতাংশ স্পীডটো যদি যাব পাৰো আমি বহু বছৰ ভৱিষ্যতলৈ গুচি যাম। আমি তাৰ বাবে জনা উচিত যে পোহৰৰ বেগ কিমান। পোহৰৰ বেগ হৈছে প্ৰায় ৩ লাখ কিলোমিটাৰ প্ৰতি চেকেণ্ড। মানে কথাটো এনেকুৱা হ’ব পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব ৩ লাখ ৮৪ হাজাৰ কিলোমিটাৰ। আমাৰ বেগ যদি পোহৰৰ বেগৰ ৯০ শতাংশও হয় তেন্তে সেই গতিত আমাক চন্দ্ৰলৈ অহা আৰু যোৱা কৰোঁতে মাত্ৰ ৩ চেকেণ্ড সময় প্ৰয়োজন হ’ব লাগিব। এতিয়া সেইটো কিমান স্পীড হ’ব নিজেই এবাৰ অনুভৱ কৰক।
বা কথাটো আমি এনেকৈ ভাবিব পাৰো যে আমি এখন বিশেষ ট্ৰেইন বনালোঁ আৰু ট্ৰেইনখন পৃথিৱীৰ চাৰিওফালে পোহৰৰ বেগত চলাচল কৰিব। আৰু আমি যদি সেই বিশেষ ট্ৰেইনখনত সেই গতিত এদিনো যাত্ৰা কৰোঁ তেতিয়া ট্ৰেইনখনৰ ওলাই আহি আমি দেখিম যে আমি এদিন আগত দেখা পৃথিৱীখন এতিয়া নাই, বহুত সলনি হৈ গৈছে। আমি একেই আছোঁ কিন্তু বাকী মানুহৰ বয়স বহু বছৰ বাঢ়ি গৈছে। চহৰ নগৰবোৰৰ বহু উন্নতি হৈ গৈছে। আমাৰ এনে লাগিব যে এদিনৰ পাছত আমি আমাৰ ভৱিষ্যতলৈ গুচি গ’লো।
এনে ঘটনাৰ প্ৰমাণ বিজ্ঞানীসকলে ইতিমধ্যে পাইছে। মহাকাশত পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা International Space Station (ISS) ত যিবোৰ মহাকাশচাৰী ছমাহ থাকি আহে তেওঁলোক আমাতকৈ এক চেকেণ্ডৰ এক ক্ষুদ্ৰ অংশ হ’লেও পিছপৰি থাকে মানে তেওঁলোকৰ দৃষ্টিত আমি এক চেকেণ্ডৰ এক ক্ষুদ্ৰ অংশ হ’লেও ভৱিষ্যতত থাকোঁ। আৰু মহাকাশত যাত্ৰা কৰা মহাকাশ যানবোৰত কিছুমান ঘড়ী লগোৱা থাকে যাৰ সময় পৃথিৱীৰ সময়ৰ সৈতে মিলোৱা থাকে। মহাকাশত মহাকাশ যানবোৰ খুব স্পীডত গতি কৰা বাবে তাৰ ঘড়ীবোৰ সদায় এক চেকেণ্ডৰ এক ক্ষুদ্ৰ অংশ হ’লেও পিছপৰি যায়। আৰু তাৰ বাবে সদায় তাত থকা ঘড়ীটোৰ সময় পৃথিৱীৰ সময়ৰ লগত মিলাব লগা হয়।
কিন্তু ইয়াতো বহু কথা আহি পৰে! আমি ইমান স্পীডত ট্ৰেইন এখন চলাম কেনেকৈ! তাৰ বাবে যি শক্তিৰ প্ৰয়োজন হ’ব সেই শক্তি আমি ক’ত পাম। আৰু আইনষ্টাইনৰ অপেক্ষিকতাবাদৰ সূত্ৰয়ে কয় যে পোহৰৰ বেগত বস্তু এটা যাবলৈ বস্তুটোক অসীম শক্তিৰ প্ৰয়োজন হ’ব। এই অসীম শক্তি আমি ক’ৰ পৰা আহৰণ কৰিম সেইটোও এটা কথা।
বিজ্ঞানত অসম্ভৱ বুলি একো নাই। আজি যি অসম্ভৱ যেন লাগে বিজ্ঞানে এদিন সেইয়া সম্ভৱ কৰি দিয়ে। এটা সময়ত আমাৰ ওচৰৰ বৃহস্পতি, শনি গ্ৰহ কেনে আছিল টেলিস্কোপ দি চাই অনুমান কৰিছিল, এতিয়া সেইয়া গ্ৰহক ওচৰৰ পৰা চাবলৈ মহাকাশ যান পঠাই আছে। এটা সময়ত কথা পাতিবলৈ মানুহ ওচৰত থকা প্ৰয়োজন আছিল। এতিয়া আমেৰিকা, ইংলেণ্ডত থকা মানুহ এজনকো আমি কোনো তাঁৰ নোহোৱাকৈ কথা পাতি থাকিব পাৰো। সৰু মোবাইল এটাত আমি সকলো কৰিব পাৰো। আমি এতিয়া বিজ্ঞানৰ ফলত যি কৰি আছো আজিৰ পৰা যদি এশ বছৰৰ আগতে ২০২১ চনত এইবোৰ কাম কৰিব পাৰিব বুলি ক’লেহেঁতেন কোনো মানুহে বিশ্বাস নকৰিলেহেঁতেন। সেইবাবে আজিৰ পৰা ১০০ বছৰৰ পাছত বিজ্ঞানৰ ফলত যিটো কাম হ’ব এতিয়া আমি সেইটো কামৰ কথা ভাবিলে অসম্ভৱ বুলিয়ে কম।
Time Travel বা সময় যাত্ৰাৰ ওপৰত হলীউডত বহুত চিনেমা নিৰ্মাণ হৈছে। তাৰে কেইখনমানৰ নাম উল্লেখ কৰিলোঁ চাব পাৰিব। Interstellar, The Butterfly Effect, Happy Death Day, The Terminator, Back to the Future (Part I, II, III), About Time, Primer, Star Trek IV: The Voyage Home (1986), 12 Monkeys” (1995), Edge of Tomorrow আদি।
এইয়া আছিল Time Travel বা সময় যাত্ৰা কৰি ভৱিষ্যতলৈ যোৱা কথা। আমি অতীতলৈ যাব পাৰো নেকি, যদি পাৰো কেনেকৈ পাৰো। আমি যদি ভৱিষ্যতলৈ গুচি যাওঁ আকৌ বৰ্তমানলৈ ঘূৰি আহিব পাৰিম নেকি আদি কথাবোৰৰ বিষয়ে আকৌ অহা খণ্ডত লিখিম।