Connect with us

Assamese News

ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ…

Published

on

ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ…

ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ…

ভাৰত আৰু চীনৰ সংঘাতৰ পিছত ক্ষোভৰ জুইত জ্বলিছে ভাৰত বৰ্ষ। ভাৰতীয় জনতাই চীনৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি চীনা সমগ্ৰী বৰ্জন কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। পৰিণতি স্বৰূপে যোৱা সোমবাৰে ভাৰতে ৫৯টা চীনা এপছ ভাৰতত নিষিদ্ধ কৰিছে। ইয়াকে লৈ ভাৰতৰ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ভাৰত চৰকাৰৰ নিৰ্দেশক লৈ শেহতীয়াকৈ টিকটক কৰ্তৃপক্ষই তেওঁলোকৰ মতামত দাঙি ধৰিছে।

টিকটক কৰ্তৃপক্ষই জনাইছে যে, ভাৰত চৰকাৰৰ নিৰ্দেশ তাক পালন কৰাতো তেওলোকৰ কৰ্তব্য। সেই বাবে সকলো পদক্ষেপ চৰকাৰৰ মতে লৈছে তেওঁলোকে। ইতিমধ্যে গুগল প্লে ষ্টৰ আৰু আই ফোনৰ পৰা টিকটক আতৰোৱা হৈছে।

টিকটক কৰ্তৃপক্ষই লগতে কয় যে, টিকটক ব্যৱহাৰ কৰা কোনো ভাৰতীয়ৰ তথ্য আমি অন্য দেশৰ চৰকাৰ বা চীনা চৰকাৰক অৱগত কৰা নাই। ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰদেক্ষপ অনুসৰিয়েই তেওলোকে সকলো কাম কৰি গৈছে বুলি মন্তব্য কৰে টিকটক কৰ্তৃপক্ষই।

 

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending