TIKTOK বন্ধ হ’ব এইবাৰ আমেৰিকাত …
চীন আৰু ভাৰতৰ সেনাৰ মাজত হোৱা সংঘাটৰ পিছত ভাৰতে বিভিন্ন ধৰনে চীনক প্ৰ্যতুত্তৰ দি আহিছে। উল্লেখ্য যে, ভাৰতত ইতিমধ্যে চীনা সামগ্ৰী বৰ্জন কৰি টিকটক এপকে ধৰি ৫৯টা চীনা এপছৰ ওপৰত নিষিদ্ধতা আৰোপ কৰা হৈছে।
ভাৰতৰ পিছতে এইবাৰ চীনৰ বিৰুদ্ধে আমেৰিকাই ডিজিটেল ষ্ট্ৰাইক চলোৱাৰ কথা বাহিৰলৈ আহিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পাম্পিঅ’ই ব্যক্ত কৰিছে যে, তেওঁলোকেও চীনৰ টিকটককে ধৰি সকলো ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে। এই বিষয়ক অতি গুৰুত্ব সহকাৰে লৈ আলোচনা চলি থকা কথাও Fox Newsৰ বিশেষ সাক্ষাৎকাৰটোত প্ৰকাশ কৰে। অৱশ্যে এই ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কনো ধৰনৰ মত প্ৰ্কাশ কৰা নায়। এই নিষিদ্ধতা আৰোপ কৰাৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্ৰহণ কৰিব বুলিও মাইক পাম্পিঅ’ই জনায়।