বিয়াৰ পিছদিনাই বিধবা হ’ল কইনা, বিয়াত উপস্থিত ১১১গৰাকী  কোৰোনা আক্ৰান্ত…

বিয়াৰ পিছদিনাই বিধবা হ’ল কইনা, বিয়াত উপস্থিত ১১১গৰাকী  কোৰোনা আক্ৰান্ত…

ক’ৰোনাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিশ্বৰ লগতে ভাৰতত। কোৰোনাৰ এই সংকটৰ সময়তে শেহতীয়াকৈ বিহাৰ প্ৰশাসন চিন্তিত হৈ পৰিছে এখন বিয়াক লৈ। ১৫জুনত অনুষ্ঠিত হৈছিল এই বিয়া। ক’ৰোনাৰ অতিপাত সংক্ৰমণৰ মাজতে বিহাৰত অনুষ্ঠিত হৈছিল এখন বিয়া। এই বিয়াত একলগ হোৱা ১১১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।

উল্লেখ্য যে, বিয়াৰ সময়ত দৰা আক্ৰন্ত আছিল ক’ৰোনা ৰোগত। বিয়াৰ পিছদিনাই ক’ৰোনাত আক্ৰান্ত হৈ থকা দৰা নিহত হৈছে। জিলা প্ৰশাসনে শেহতীয়াকৈ সদৰি কৰিছে যে, বিয়াত সমবেত হোৱা ৩১গৰাকী লোক দেহত পূৰ্বৰে পৰা কোৰোনাৰ অৱস্থিতি আছিলেই। আৰু এই বিয়াতেই পুনৰ ৮৯গৰাকীৰ দেহলৈ সংক্ৰমিত হয় কোৰোনা।

বৰ্তমানলৈকে বিয়াৰ লগত জৰিত চাৰিটা পৰ্যায়ত ৩৬৯গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে। ১৫জুনত অনুষ্ঠিত হোৱা এই বিয়াখনত আৰু লোক সমবেত হৈছিল নেকি তাৰ আনুসন্ধানত প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে।

 

 

Leave a Comment