২০২০ৰ টি-২০ বিশ্বকাপ স্থগিতৰ সিদ্ধান্ত আইচিচিৰ…
ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বিশ্বত বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই লোৱা হৈছে এই সিদ্ধান্ত। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা আছিল এই টি-২০ বিশ্বকাপ-২০২০। অহা বছৰ অৰ্থাৎ ২০২১চনত টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পোৱা গৈছে।
উল্লেখ্য যে, ২০২০ বৰ্ষৰ অক্টোবৰ-নবেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব লগা আছিল টি-২০ বিশ্বকাপ। সোমবাৰে আই চি চিৰ এক বৈঠকত কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি দৃষ্টি ৰাখি এইবাৰৰ টি-২০ বিশ্বকাপ স্থগিত ৰখাৰ কথা উল্লেখ কৰে। ২০২১চনৰ অক্টোবৰ-নবেম্বৰতহে অনুষ্ঠিত হ’ব এই বিশ্বকাপ।