Connect with us

Assamese News

সন্ত্ৰাসবাদীৰ সৈতে সীমান্তত যুঁজি শ্বহীদ ভাৰতীয় সেনা জোৱান…

Published

on

সন্ত্ৰাসবাদীৰ সৈতে সীমান্তত যুঁজি শ্বহীদ ভাৰতীয় সেনা জোৱান…

সন্ত্ৰাসবাদীৰ সৈতে সীমান্তত যুঁজি শ্বহীদ ভাৰতীয় সেনা জোৱান…

ক’ৰোনা ভাইৰাচৰ আতংকৰ মাজতে পুনৰ শ্বহীদ হ’ল ভাৰতীয় সেনা। চীনৰ সৈতে ভাৰতৰ সংঘৰ্ষ চলি থকাৰ মাজতে সিমান্তৰ পৰা আকৌ আহিছে বেয়া খবৰ। এইবাৰ দক্ষিণ কাশ্মীৰৰ পুলৱামাত মঙলবাৰে পুৱা ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘাতৰ সৃষ্টি হ’য়।

এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে দুখৰ খবৰটো হৈছে, এই অভিযানত শ্বহীদ হৈছে  এগৰাকী সেনা জোৱানো।

বৰ্তমান সময়তো উক্ত স্থানত অব্যাহত আছে সংঘৰ্ষ।

বৰ্তমান অঞ্চলটোত এক আতংকময় পৰিস্থিতি বিৰাজ কৰিছে। কেইজনমান সন্ত্ৰাসবাদী এতিয়াও সেই অঞ্চলটোত আত্মগোপন কৰি থকাৰ খবৰ সেনাৰ হাতত।

অঞ্চলটো চাৰিওফালৰ পৰা আগুৰি ধৰিছে সেনাই।

 

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending