দেওবাৰ, আজি বলয়গ্ৰাস সূৰ্যগ্ৰহন:
সুনীল আকাশৰ বুকুত এক দৃষ্টিনন্দন মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’বলৈ সাজু বিশ্ববাসী। উল্লেখযোগ্য যে চলিত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহন আজি প্ৰত্যক্ষ হ’ব।
সংবাদ প্ৰতিস্থানৰ বাতৰি মতে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত দৃশ্যমান হ’ব বলয়গ্ৰাস সূৰ্যগ্ৰহন।
দেওবাৰে পুৱা ৯.১৫ বজাৰ পৰা সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত ১৫-২০ মিনিটৰ ব্যৱধানত প্ৰত্যক্ষ হ’য় বলয় সূৰ্যগ্ৰহণ। প্ৰাপ্ত তথ্য অনুসৰি, অসমত পুৱা ১০.৫৭ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হৈ অন্ত পৰিব দিনৰ ২.২৪ বজাত। দিল্লীত পুৱা ১০.২০ বজাত আৰম্ভ হৈ অন্ত পৰিব ১.৪৮ বজাত। বলয়গ্ৰাস সূৰ্যগ্ৰহন সৰ্বাধিক ৰূপত দৃশ্যমান হ’ব দূপৰিয়া ১২.১০ বজাত।
নিজ চকুৰে এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰি মহাজগতীয় আজান তথ্য সংগ্ৰহৰ বাবে উৎকণ্ঠাৰে অপেক্ষা কৰিচে মহাকাশ বিজ্ঞানী সকলে। অৱশ্যে বিজ্ঞানী সকলে খালী চকুৰে এই দৃষ্টি প্ৰতেক্ষ নকৰিবলৈ আহ্বান জনায়।
জোতিষি সকলোৱে এই বিষয়ে মতামত দি জনাই যে গ্ৰহনৰ সময় চোৱাত সকলোৱে পালন কৰিব লগীয়া নীতি নিয়ম পালন কৰা উচিত।