মাজনিশা জুবিন গাৰ্গক আক্ৰমণ, কোন এই আক্ৰমণকাৰী!

মাজনিশা জুবিন গাৰ্গক আক্ৰমণ, কোন এই আক্ৰমণকাৰী!

বুধবাৰে মাজনিশা গুৱাহাটী মহানগৰীত সংঘটিত এই ঘটনা। গুৱাহাটীৰ গণেশ মন্দিৰৰ সমীপত জুবিন গাৰ্গ আহি থকা গাড়ীখনক দুৰবৃত্তই এখন মাৰুতি চিয়াজ বাহনেৰে আগভেটি ধৰিছিল। তাৰ পিছতে সেই বাহনখনৰ পৰা কেইজনমান যুৱক নামি গৈ জুবিন গাৰ্গক ভাবুকি প্ৰদান কৰে। জুবিন গাৰ্গৰ লগত থকা সহযোগীৰ বাবে জুবিন সেই ঠাইৰ পৰা কোনোমতে ৰক্ষা পৰে। জুবিন গাৰ্গক আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

জুবিন গাৰ্গে দিছপুৰ থানাত এজাহাৰ ৰুজু কৰি উল্লেখ কৰিছে যে, মাজনিশা জুবিন আহি থকা সময়ত ভাবুকি প্ৰদান কৰিবলৈ অহা AS 01 BY 0675 নম্বৰৰ বাহন খনৰ যুৱককেইজনৰ হাতত বিয়েৰৰ বটল আছিল। জুবিনৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে খৰকটীয়াকৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

শেহতীয়াকৈ আৰক্ষীৰ তদন্তত কিছু তথ্য পোহৰলৈ আহিছে। হীৰক ৰাজবংশী নামৰ স্বাতাধিকাৰী জনৰ গাড়ীয়ে জুবিনক মাজনিশা আগভেটি ধৰিছিল। হীৰক ৰাজবংশীয়ে নিজৰ ফেচবুক প্ৰফাইলত উল্লেখ কৰা মতে তেওঁ এন এছ ইউ ৱাই জিলা সভাপতি হিচাপে কৰ্মৰত ।

বৰ্তমান আৰক্ষীয়ে এই যুৱক জনক আতক কৰাত সফল হৈছে। NSUYৰ পৰা ও যুৱক জনক নিলম্বিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

[jnews_block_2 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *