বলিউডত পুনৰ শোকৰ চা, জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু…

বলিউডত পুনৰ শোকৰ চা, জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু…

 বলিউডৰ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত, এইবাৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু। ৩ জুলাইৰ নিশা ১.৫২ বজাত তেওঁৰ মৃত্যু হয়। জানিব  পৰা মতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হ’য় সৰোজ খানৰ। তেখেতৰ শেষকৃত্য শুকুৰবাৰে পুৱা মালাদ মুছলিম কবৰস্থানত সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী বি সহনলাল, পুত্ৰ হামিদ খানৰ লগতে কন্যা হিনা খান আৰু সুকন্যা খানক এই সংসাৰত এৰি থৈ গৈছে।

উল্লেখযোগ্য যে ২০ জুনত তেওঁৰ শাৰীৰিক অৱস্থা পূৰ্বৰ তুলনাত বেয়া হোৱাৰ পাছত মুম্বাইৰ বাণ্ড্ৰাৰগুৰু নানক হাস্পতালত ভৰ্তি কৰা হৈছিল। তাৰ পাছতেই তেওঁৰ ক’ৰোনাৰ উপস্থিতি পৰীক্ষা কৰা হৈছিল যদিও ফলাফল নিগেটিভ আহিছিল । তেওঁৰ মৃত্যুৰ পাছতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

উল্লেখ্ যোগ্য যে, মৃত্যুৰ সময়ত তেওৰ বয়ষ আছিল ৭১ বছৰ। তেওঁ ২০০০ ৰৰোধিক গানত কৰিঅ’গ্ৰাফী কৰিছে। তেওঁ নিজৰ কামৰ দ্বাৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈও সক্ষম হৈছিল। সৰোজ খানে বলিউডৰ ভালে কেইখন চুপাৰহিত ছবিত কৰিঅ’গ্ৰাফী কৰে।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *