কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰৰ পদত্যাগ, অতিৰিক্ত দায়িত্ব অৰ্পন নৰেন্দ্ৰ সিং তোমৰক…
চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰে পদত্যাগ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ দিনাই চৰকাৰৰ ওচৰত প্ৰস্তাব দখিল কৰে। আজি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই পদত্যাগ প্ৰস্তাৱ স্বীকাৰ কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ মতে পদত্যাগ পত্ৰ গ্ৰহন কৰে। বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা অকালি দলৰ নেত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ লগে লগে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, ৰাষ্ট্ৰপতিয়ে কেবিনেট মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক খাদ্য প্ৰসংস্কৰন উদ্যোগ মন্ত্ৰালয় বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰে পদত্যাগ কৰাৰ কথা শেহতীয়াকৈ ঘোষণা কৰিছে অকালি দলৰ নেতা সুখবীৰ সিং বাদলে। অৱশ্যে পদত্যাগ কৰিলেও মোডী চৰকাৰলৈ সমৰ্থন থকাৰ কথা প্ৰকাশ কৰিছে মন্ত্ৰী হৰচিমৰাট কৌৰে।
[jnews_block_2 ]